চিৰাঙত আই নদীৰ ভয়াবহ বান আৰু গৰাখহনীয়াত নিশ্চিহ্ন গাঁও

নিজৰ গাঁও ৰক্ষাৰ বাবে নদীৰ গতি সলনিৰ চেষ্টা ৰাইজৰ

চিৰাঙৰ বানপানী আৰু গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ ল’বলৈ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰী আহিল কিন্তু বাস্তৱত একো নহ’ল । নদীৰ বানপানী আৰু গৰাখহনীয়া পূৰ্বৰ দৰেই থাকিল । চৰকাৰে নকৰিলে কোনো ব্যৱস্থা । উপায়ান্তৰ ৰাইজ দলে বলে ওলাই আহিল নিজৰ গাঁও নিজেই আই নদীৰ বান পানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষাৰ বাবে । প্ৰথমে ৰাইজে সমূহীয়া ভাৱে প্ৰাৰ্থনা কৰিলে নদীৰ পাৰত যাতে চৰকাৰে ৰখা নকৰিলেও ভগৱানে নৈৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে। ৰাজ্যচৰকাৰে কোটি টকা খৰচ কৰি উদযাপন কৰা দৈজিং উৎসৱ উদযাপন স্থলীৰ পৰা মাত্ৰ এক কিলোমিটাৰ পূৱফালে অৱস্থিত এই ঠাই । আই নদীৰ বানপানী আৰু গৰাখহনীয়াত সম্পুৰ্ণৰূপে ধ্বংশ হোৱা ছোটো আমগুৰীত হেজাৰোধিক লোক ওলাই আহিল আই নদীৰ বানপানী আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ।

এই ঠাইৰ আই নদীৰ বান্ধ ভঙাৰ ফলত ছোটো আমগুৰী, ওদালগুৰী(এক,দুই,তিনিখণ্ড), দাউখানগৰ, ছৌৰাবাৰী(এক আৰু দুই খণ্ড) সন্যাসীবাৰী আদি ব্যাপকভাৱে ক্ষতিগ্ৰস্থ হৈছে বানপানী আৰু গৰাখহনীয়াত । চৰকাৰে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজে নিজেই শ্ৰমদান কৰি বাঁহ, গছৰ ডাল আদিৰে আই নদীৰ গতিবেগ সলনিৰ উদ্দেশ্যে কাম কৰি থকা পৰিলক্ষিত হ’ল । অৱশ্যে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম নিজেও এককাল পানীত নামি ৰাইজৰ সৈতে হাতে-কামে লাগি থকা দেখিবলৈ পোৱা গ’ল । বিভিন্ন ছাত্ৰ সংগঠনৰ লোকৰ লগতে ৰাইজে কৰিলে নৈৰ গৰাখনীয়া প্ৰতিৰোধৰ কাম ।

খৰালি কালত বান্ধসমুহ তথা গৰাখহনীয়াৰ প্ৰতিৰোধৰ কোনো ব‍্যৱস্থা নলয় চৰকাৰে । যাৰ বাবে প্ৰতি বছৰেই লাখ লাখ লোকে বান পানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছে । চিৰাঙৰ বান পানী আৰু গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ ল’বলৈ ৰাজ‍্যপাল, মুখ‍্যমন্ত্ৰী,জলসম্পদ মন্ত্ৰী আহিছিল যদিও চিৰাঙৰ প্ৰকৃত ক্ষতিগ্ৰস্থ অঞ্চল ভ্ৰমণ নকৰিলে আৰু ক্ষতিগ্ৰস্ত ঠাইসমূহৰ বাবেও কোনো পদক্ষেপ নল’লে । গৰাখহনীয়াত কেবাখনো গা‍ঁও ক্ষতিগ্ৰস্ত হ’ল। লোকচান হ’ল সাধাৰণ চহা, কৃষিজীৱি দৰিদ্ৰ লোকৰ ৷ সেয়ে আজি চৰকাৰৰ ওপৰত ভৰষা নকৰি ৰাইজ নিজেই ওলাই এইদৰে হাতে কামে নদীৰ গতিপথ সলনীৰে গৰাখহনীয়া আৰু বানপানী প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ।

Exit mobile version