ধাৰাবাহিক মূল্যবৃদ্ধিঃ সংগোপনে লিটাৰত ৮০ টকা ডিজেল

fuel price rise 1006388

চৰকাৰে দেশত নিয়ন্ত্ৰণহীন পৰিস্থিতিলৈ লৈ গৈছে পেট্ৰ’ পন্যৰ মূল্য ৷ডিজেলৰ মূল্যই সমাজৰ প্ৰতিজন নাগৰিককে স্পৰ্শ কৰে ৷ কাৰণ ডিজেলৰ মূল্য বৃদ্ধি হ’লে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে জনসাধাৰণৰ মূৰৰ ওপৰত । তাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এনে মূল্যবৃদ্ধিক উপেক্ষা কৰাৰ ফলত দেশত বিশেষকৈ ডিজেলৰ মূল্যই সম্প্ৰতি অভিলেখ গঢ়িছে ৷ ইতিমধ্যে দিল্লী, মুম্বাইকে ধৰি দেশত কে’বাখনো ৰাজ্যত পেট্ৰ’লতকৈয়ো ডিজেল মহঙা হৈছে ৷ অসমত অভাৱনীয়ভাৱে প্ৰতি লিটাৰ ডিজেলৰ মূল্যই মাত্ৰ দুই পইচা অতিক্ৰম কৰিলেই ৮০ টকাৰ ঘৰ স্পৰ্শ কৰিব ৷ কৰ’নাৰ বাবে তলাবন্ধ, নিয়ন্ত্ৰণত থকা যান-বাহনৰ চলাচল আদিৰ মাজতে ডিজেলৰ এনে মূল্যবৃদ্ধি লক্ষ্যণীয় হৈ পৰিছে ।

সাম্প্ৰতিক পৰিস্থিতিত সামগ্ৰী পৰিবহন কৰা বাহনৰ চলাচলহে অব্যাহত আছে ৷ যি সময়ত দীঘলীয়া তলাবন্ধ আৰু কৰ’না সংক্ৰমণৰ বাবে সাধাৰণ ৰাইজৰ উপাৰ্জনৰ পথ বন্ধ হৈছে ৷ এসাঁজ ভাতৰ বাবে দুখীয়া দৰিদ্ৰ জনতাই হামৰাও কাঢ়িবলগীয়া হৈছে । তেনে সময়তে ডিজেলৰ মূল্যবৃদ্ধিৰে জনসাধাৰণৰ মূৰত সহিব নোৱাৰা মাধমাৰ শোধাইছে চৰকাৰে ৷ অৱশ্যে পে’ট্ৰলৰ মূল্য যোৱা ১২ জুলাইৰ পৰা অপৰিৱৰ্তিত হৈ আছে ৷ বৰ্তমান ৰাজ্যত প্ৰতি লিটাৰ সাধাৰণ পে’ট্ৰলৰ মূল্য ৮৪.৫০ টকা আৰু এক্সট্ৰা প্ৰিমিয়ামৰ মূল্য ৮৭.২৫ টকা।

Exit mobile version