মহানগৰীত আজি হ্ৰাস পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাঃপুনৰ আক্ৰান্ত ১১৪২ জন

coronavaccine1.v1

ৰাজ্যত নতুনকৈ ১১৪২ জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত ৷ আনহাতে ভাল খবৰটো এয়ে যে গুৱাহাটীত হ্ৰাস পাইছে আক্ৰান্ত, ইয়াৰে ১৭১ গৰাকী ৰোগী গুৱাহাটীৰ, ১৮৮গৰাকী কামৰূপৰ, ১০০গৰাকী দৰঙৰ ৷

আনহাতে বিগত ২৪ ঘন্টাত ২০হাজাৰ ৫৪২টা পৰীক্ষা সম্পাদন কৰাৰ পিছত দৈনিক কৰ’নাত আক্ৰান্তৰ হাৰ হৈছে ৫.৫৫শতাংশ ৷

অসমত বৰ্তমানলৈ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩২২২৮ জন ৷চিকিৎসাধীন হৈ আছে ৯০৯১ গৰাকী৷ কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ২৩০৫৫ আৰু মৃত্যু হৈছে ৭৯ জন ৷

Exit mobile version