এটা মাছে বুকু কপাইছে মেক্সিকো বাসীৰ । ১৩ ফুট দৈৰ্ঘ্যৰ মাছটোৰ প্ৰকৃত নাম ‘ওৰ ফিছ’ । এই সামুদ্ৰিক মাছটোৰ মুখখন দেখিবলৈ হাংগৰৰ দৰে । শৰীৰৰ ৰং ৰূপালী । এই মাছক যেতিয়াই দেখা যায় তেতিয়াই কোনো দুৰ্যোগ অহাৰ অশনি সংকেত কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয় । দেশখনৰ উপকূলত এই মাছ দেখাৰে পৰা ছুনামি অহাৰ আশংকা কৰিছে স্থানীয় বাসিন্দা সকলে । সাধাৰণতে সাগৰৰ উপকূলত এই মাছ দেখিবলৈ পোৱা নাযায় ।
২০১১ চনত জাপানত অহা ছুনামিৰ পূৰ্বেও দেশখনৰ সমুদ্ৰ উপকূলত এনে মাছ দেখিবলৈ পোৱা গৈছিল।এতিয়া মেক্সিকো উপকূলত ওৰ ফিছটো দেখাৰে পৰা লোকসকল আতংকিত হৈ পৰিছে । ফার্ণাণ্ডো কেভালিন আৰু ডেভিদ জাবে দোৰস্কি নামৰ দুজন লোকে মাছটো ধৰি বহুকেইখন ছবিও তোলে । অৱশ্যে মাছটোক পুনৰ সাগৰত এৰি দিয়া হয় । ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছে মাছটোৰ বহু ছবি । এই মাছ সাগৰ উপকূলত দেখিবলৈ পালেই ছুনামি আহিব বুলি ধাৰণা কৰাটো অন্ধবিশ্বাস বুলিও বহু লোকে মন্তব্য কৰিছে ।