সুশান্তৰ ৫০ খন ছিম কাৰ্ড আৰু কিছুমান সন্ধানহীন ফোনক’লঃকি ক’লে অধিবক্তা ইস্ককৰণে

909367 sushant singh rajput

সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে সম্প্ৰতি ১ মাহ অতিক্ৰম কৰিলে ৷ আৰু সম্প্ৰতি মুম্বাইৰ পুলিছে সুশান্তৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে ৷ সদ্যহতে দিল্লীৰ এজন অধিবক্তা ইস্ককৰণ সিং ভণ্ডাৰীয়ে মুম্বাইৰ আৰক্ষীৰ তদন্তক সমালোচনা কৰি এই সমগ্ৰ বিষয়টো চিবিআইৰ হস্তক্ষেপ বিছাৰিছে ৷ ইস্ককৰন ভাণ্ডাৰীৰ মতে ন্যায় প্ৰক্ৰিয়াটোৰ প্ৰতি মানুহৰ আস্থা বৰ্তাই ৰাখিবৰ কাৰণে চিবিআইৰ তদন্ত হোৱাটো অতি আৱশ্যক।

উল্লেখযোগ্য যে ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল । আৰক্ষী সুশান্তৰ মৃত্যুক আত্মহত্যা বুলি ক’লেও কিন্তু গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীকে ধৰি বহু লোকেই সম্প্ৰতি সুশান্তৰ মৃত্যুৰ চিবিআইৰ তদন্ত বিচাৰিছে ৷ অৱশ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী অনিল দেশমুখে সুশান্তৰ আত্মহত্যাৰ চিবিআইৰ তদন্ত খাৰিজ কৰিছে লগতে দেশমুখৰ মন্তব্য যে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰিবলৈ মুম্বাইৰ আৰক্ষী সক্ষম । অধিবক্তা ইস্ককৰণৰ মতে সুশান্তৰ মৃত্যুৰ পিছতে সংবাদমাধ্যমত অভিনেতা গৰাকীয়ে আত্মহত্যা কৰিছে বুলি প্ৰচাৰ হয় ।

কিন্তু এইয়া হত্যা নে আত্মহত্যা ৷ সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ আনহাতে সুশান্তৰ মৃত্যুত পিছত প্ৰকাশ পাইছিল যে অভিনেতাজনে ৫০ টা ছীম কাৰ্ড পৰিৱৰ্তন কৰিছিল ৷ গতিকে ইশকৰণে আৰক্ষী প্ৰশ্ন কৰে যে যদি এনেধৰণৰ কাৰ্য হৈছিল তেন্তে আৰক্ষীয়ে সেই ছীম কাৰ্ডসমূহ কিয় ছীল নকৰিলে? উল্লেখযোগ্য যে আৰক্ষীয়ে সুশান্তৰ ঘৰৰ পৰা কোনো চুইচাইড ন’ট উদ্ধাৰ কৰা নাই । যদি কোনো চুইচাইড ন’ট পালেহেঁতেন তেতিয়া সুশান্তৰ মৃত্যু তদন্তই দীঘলীয়া নহ’লহেঁতেন ৷

Exit mobile version