এক অতি হৃদয়বিদাৰক ঘটনাৰ সাক্ষী হৈ ৰ’ল চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট অঞ্চল । বৰহাটৰ নগাকটা গাঁৱৰ পৰমেশ্বৰ কিস্কোৰ নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত তেওঁৰ আঠমহীয়া সন্তান জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি ল’লে । ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰৰ ভিতৰত শুই আছিল শিশুটি আৰু ঘৰত নাছিল কোনো ব্যক্তি । পিতৃ মাছ মাৰিবলৈ যোৱাৰ লগতে শিশুটিক শুৱাই মাক গৈছিল চাউল আনিবলৈ ।
ADVERTISEMENT