অসমৰ বানাক্ৰান্তলৈ প্ৰিয়ংকা নিকৰ সহায়ৰ হাত

priyanka chopra nick jonas jonas brothers chasing happiness premiere 2019

সমগ্ৰ অসমত সম্প্ৰতি বানৰ তাণ্ডৱ ৷ বানত বিধ্বস্ত হৈছে লাখ লাখ লোকৰ জীৱন ৷ তেনে সময়তে বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু হলীউডৰ গায়ক তথা প্ৰিয়ংকাৰ স্বামী নিক জোনছে অসমলৈ আগবঢ়াইছে সহায়ৰ হাত ৷ প্ৰিয়ংকা আৰু নিকে অসমৰ বানৰ কাৰণে কাম কৰা সংস্থাসমূহক সাহায্য আগবঢ়াইছে ৷ লগতে দুয়োগৰাকী চেলিব্ৰিটিয়ে অনুৰাগীলৈ পাৰ্যমানে অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনায় । অন্যহাতে ভাৰতত প্ৰথমতেই কৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে তেনে সময়তে বিহাৰৰ লগতে অসমৰ বানে বিধ্বস্ত কৰিছে মানুহৰ জীৱন ৷

ইফালে টুইটাৰ যোগে প্ৰিয়ংকাই নিজৰ মনোভাৱ ব্যক্ত কৰি লিখে “আমি সকলোৱে মহামাৰীৰ লগত যুঁজি আছো ৷ অসম বানত বিধ্বস্ত হৈ পৰিছে । লাখ লাখ লোকৰ জীৱন সংকটৰ সন্মুখীন হৈছে ৷ বানাক্ৰান্তৰ জীৱন, সম্পত্তি সকলোবোৰ বানত বিধ্বস্ত হৈ পৰিছে । ক্ষিপ্ৰতাৰে বাঢ়ি অহা বানত কাজিৰঙাৰ অভয়াৰণ্য সম্পূৰ্ণৰূপে বানত বুৰ গৈছে । যাৰ কাৰণে কাজিৰঙাত বহু বন্যপ্ৰাণীৰ মৃত্যু হৈছে। লগতে প্ৰিয়ংকাই কয় ” সম্প্ৰতি তেওঁলোকক আমাৰ সহায়ৰ প্ৰয়োজন ৷ মই অসমৰ বানাক্ৰান্তক সহায় কৰা কিছুমান বিশ্বাসী সংগঠনৰ নাম ঠিকনা আগবঢ়াইছো ৷ নিক আৰু মই ইতিমধ্যে ইয়াত সাহাৰ্য্য প্ৰদান কৰিছো ৷ গতিকে আপোনালোকেও নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰক ৷ উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰা আছিল অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ ৷

Exit mobile version