অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ সমীপৱৰ্তী নবোদয় কলনিৰ অঞ্চল ডুব গৈছে পানীৰ তলত

WhatsApp Image 2020 07 27 at 11.40.59 AM

অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ সমীপৱৰ্তী নবোদয় কলনিৰ অঞ্চলটো যোৱা দুমাহ ধৰি নেৰানেপেৰা বৰষুণৰ ফলত প্ৰায় ৭০-৮০ টা পৰিয়াল জলবন্দী হৈ আছে। অঞ্চলটোৰ বাটপথৰ অৱস্থা অতি শোচনীয় আৰু এজাক বৰষুণে বিস্তীৰ্ণ অঞ্চলটো প্লাবিত কৰে। সম্প্ৰতি অব্যাহত থকা তলাবন্ধৰ লগতে এই অঞ্চলৰ বাসিন্দাসকলে বহুদিন ধৰি জলবন্দী হৈ আছে। অঞ্চলটোৰ কৃষ্ণচূড়া পথ, ৰাধাচূড়া পথৰ আবাসীৰ লগতে নবোদয় কলনিৰ ৰাইজে এতিয়া জীয়াতু ভুগিব লগা হৈছে।

সম্প্ৰতি ১ কিলোমিটাৰ এতিয়াও পানীৰ তলত। অনতিপলমে অঞ্চলবাসীৰ সমস্যা দূৰীকৰণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে অঞ্চলবাসীয়ে। পূৰ্বতে নবোদয় অঞ্চলৰ বাসিন্দাই অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদ সংযোগী পথেৰে যাতায়ত কৰিছিল যদিও মহাবিদ্যালয় কৰ্তৃপক্ষই পথটো বন্ধ কৰি দিয়াত ৰাইজ এইদৰে গৃহবন্দী হৈ থাকিবলগীয়া হৈছে । নবোদয় অঞ্চলৰ পথেৰে এখন অন্য বাহনটো বাদেই এখন চাইকেলো ভালদৰে চলাচল কৰিব নোৱাৰাত সমস্যাৰ গৰাহত পৰিছে অঞ্চল বাসী।

Exit mobile version