আজাৰা-কামাখ্যা সংযোগী ৰেলপথত বনৰীয়া হাতীৰ বিচৰণে শংকিত কৰি তুলিছে ৰাইজক

WhatsApp Image 2020 07 27 at 11.41.00 AM

মহানগৰীৰ দীপৰ বিলৰ দাঁতিয়েদি যোৱা আজাৰা কামাখ্যা সংযোগী ৰেলপথৰ ঠাই বিশেষে বনৰীয়া হাতীয়ে বিচৰণ কৰাত অঞ্চলবাসী শংকিত হৈ পৰিছে । প্ৰাপ্ত তথ্য মতে, কাষৰীয়া বনাঞ্চলৰ পাহাৰৰ পৰা এটা হাতীৰ জাকে ৰেলপথ পাৰ হৈ দীপৰ বিলত খাদ্যৰ সন্ধানত বিচৰণ কৰা দেখা গৈছে ।

আনকি যোৱা দুদিনত এটা দঁতাল হাতী ৰেলপথৰ ওচৰতে ঘূৰি পকি থকাত অঞ্চলটোৰ ৰাইজৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি হয়। অঞ্চলটোৰ কলিতাপাৰা, মিকিৰপাৰাকে ধৰি দাঁতিকাষৰীয়া ৰাইজে আবাসীক অঞ্চলত হাতী সোমাই আহিব বুলি শংকিত হৈছিল। অৱশ্যে বনকৰ্মীৰ দলে দঁতাল হাতীটোক পুনৰ পাহাৰৰ ফালে খেদি পঠিয়াবলৈ সক্ষম হয়।

Exit mobile version