গুৱাহাটী কমাৰ্চ কলেজত ব্যতিক্ৰমী ৰাষ্ট্ৰীয় ৱেবিনাৰ

1558092927phpCYEpi8

কৰ’না ভাইৰাছৰ ভয়ানক গণ সংক্ৰমণে সমগ্ৰ বিশ্বতে ত্ৰাস আৰু আতংকৰ সৃষ্টি কৰি শাৰীৰিক, মানসিক, আৰ্থিক আৰু শৈক্ষিক দিশত সকলোকে পঙ্গু কৰি পেলাইছে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৰ’না মহামাৰীয়ে শৈক্ষিক, মানসিক বিৰূপ পৰিবেশ সৃষ্টি কৰি এক মহাসংকট‌ৰ সৃষ্টি কৰিছে । গুৱাহাটী কমাৰ্চ কলেজ আৰু গুৱাহাটী কমাৰ্চ কলেজ সতীৰ্থ সন্মিলনে যৌথভাৱে অহা ৩১ জুলাই শুক্ৰবাৰে দিনৰ বাৰ বজাত এখন ৰাষ্ট্ৰীয় ৱেবিনাৰ আয়োজন কৰিছে যাতে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ মাজত দেখা দিয়া ভয়, শংকা তথা মানসিক চাপ নিৰাময়ৰ উপায় উলিয়াবলৈ এক বিস্তৃত আলোচনাৰ আয়োজন কৰে । সমাধান হিচাপে “Stress management of students during covid 19 Pandemic’ বিষয়ৰ ভিডিঅ’ কনফাৰেন্সিংৰ দ্বাৰা ৰাষ্ট্ৰীয় ৱেবিনাৰ আয়োজন কৰা বুলি প্ৰধান উদ্যোক্তা দ্বয় ড: হোমেশ্বৰ কলিতা, গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ আৰু ড: জ্যোতিষ গোস্বামী ৰাষ্ট্ৰীয় ৱেবিনাৰৰ আয়োজকৰ কাৰ্যকৰী সম্পাদকে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে ।

শ্ৰী ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ আৰু শ্ৰী অৰবিন্দৰ অনুৰাগী তথা অনুবাদক শ্ৰী দিগন্ত বিশ্ব শৰ্মাই আলোচনা চক্ৰ উদ্বোধন কৰিব। সমল ব্যক্তি হিচাপে উপদেশক, ,লিখক আৰু ব্যক্তিত্ব উন্নয়ন পৰামৰ্শদ্বাতা ( Counsellor, Author and personality Development Consultant,) কাউনচেলৰ, লিখক তথা in কনচালটেন্ট শ্ৰী মতী লয়া আগৰৱালাই বৰ্তমান কৰ’না সংকটজনক পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ মনত উৎসাহ আৰু সাহস যোগাবলৈ “স্ৰেজ মেনেজমেন্ট অৱ স্টুডেন্ট দিউৰিং কভিট ১৯ পেনদেমিক”ৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰিব। গুৱাহাটী কমাৰ্চ কলেজ সতীৰ্থ সন্মিলনৰ সভাপতি ড: ৰতি কান্ত পাঠকে আলোচনা চক্ৰৰ বিষয়বস্তু অৰ্থবহ আৰু বৰ্তমান কৰ’না মহামাৰীৰ সংকটৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধন কৰিবলৈ আহ্বান জনায় কয় যে ৰাষ্ট্ৰীয় ৱেৱিনাৰ খনে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স‌কাহ দিবলৈ সমৰ্থ হ’ব ।

কমাৰ্চ কলেজৰ সতীৰ্থ সন্মিলনৰ সাধাৰণ সম্পাদক শ্ৰী জয়ন্ত তালুকদাৰে জনোৱা মতে ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ বিষয়বস্তুৱে ছাত্ৰ-ছাত্ৰীৰ মানসিক ভাৰসাম্য হেৰুৱাৰ যি পৰিবেশ তাক উপশম কৰিবলৈ সমৰ্থবান হ’ব । উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ প্ৰায় দুহেজাৰ স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, গৱেষক, কমাৰ্চ কলেজৰ সতীৰ্থ সন্মিলনৰ সদস্য সদ্স্যা তথা অভিভাৱক সমাজে ভিদিঅ’ কনফাৰেন্সৰ দ্বাৰা, জুমৰ সহায়ত অংশগ্ৰহণ কৰিবলৈ নামভৰ্তিৰ পঞ্জীয়ন কৰাৰ লগতে ফেচবুকৰ দ্বাৰাও উপলব্ধ হ’ব বুলি আলোচনা চক্ৰ খনৰ উদ্যোক্তা ড: হোমেশ্বৰ কলিতা আৰু ড:, জ্যোতিষ গোস্বামীয়ে জনোৱাৰ লগতে সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনাইছে।

Exit mobile version