নামাজৰ ধ্বনিত মুখৰিত হ’ল হেগিয়া ছ’ফিয়া

Hagia Sophia

প্ৰথমবাৰলৈ নামাজৰ ধ্বনিত মুখৰিত হ’ল তুৰস্কৰ ঐতিহ্যবাহী সৌধ হেগিয়া ছ’ফিয়া । চলিত মাহতে তুৰস্কৰ চৰকাৰৰ প্ৰচেষ্টা আৰু আদালতৰ নিৰ্দেশত তুৰস্কৰ এই স্থাপত্য যাদুঘৰ হেগিয়া ছ’ফিয়াক পুনৰ মছজিদলৈ ৰূপান্তৰিত কৰা হৈছিল । যোৱা শুকুৰবাৰে প্ৰথমবাৰলৈ এই মছজিদত নামাজ আদায় কৰা হয় ।এই নামাজত শতাধিক ইছলাম ধৰ্মী লোকৰ লগতে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেছেপ তায়েপ এৰ্ড’গান আৰু দেশৰ কে’বাজনো মন্ত্ৰীয়েও যোগ দিয়ে । সামাজিক দূৰত্ব বিধি মানি সকলোৱে নামাজ পাঠ কৰে ।

উল্লেখ্য যে হেগিয়া ছ’ফিয়া প্ৰকৃততে আছিল পূৰ্বৰ বাইজান্টাইন সাম্ৰাজ্যৰ দিনত নিৰ্মিত এক সুদৃশ্য কেথেড্ৰেল । পৰৱৰ্তী সময়ত পূৰ্বৰ কনষ্টান্টিনোপলৰ অট’মান সাম্ৰাজ্যৰ দিনত ইয়াক মছজিদলৈ ৰূপান্তৰ কৰা হয় । ইয়াৰ পিছত বিংশ শতিকাৰ ৩০ৰ দশকত সংস্কাৰকামী নেতা মুস্তাফা কামাল আতাৰ্তুকে হেগিয়া ছ’ফিয়াক মছজিদৰ পৰিৱৰ্তে ঐতিহাসিক সৌধৰূপে স্বীকৃতি দিয়ে । তাৰ মাজতে স্থাপন কৰা হয় যাদুঘৰ।সম্প্ৰতি হেগিয়া ছ’ফিয়া ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সমান্তৰালকৈ ইছলাম ধৰ্মালম্বীসকলৰ উপাসনাৰ স্থলী হৈ পৰিছে ।

Exit mobile version