পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত নৃশংস হত্যাকাণ্ড

karbi anglong

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত নৃশংস হত্যাকাণ্ড। খেৰণি থানাৰ অন্তৰ্গত বৰ-মাটিখোলাত সংঘটিত হৈছে এই ঘটনা । পাঁচ সতীৰ্থই মিলি হত্যা কৰিলে জিতেন্দ্ৰ ৰাম (২০) নামৰ এজন যুৱকক। হত্যা কৰি আমৰেং বনাঞ্চলৰ ভিতৰত ৰচীৰে গছত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ হয় জিতেন্দ্ৰ ৰামৰ মৃতদেহ। ৰবিবাৰৰ নিশা চাৰিজন সতীৰ্থৰ সৈতে বনৰীয়া হাতী পহৰা দিবলৈ একেলগে টঙি ঘৰত আছিল জিতেন্দ্ৰ । কিন্তু পিছদিনা জিতেন্দ্ৰ ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ সদস্যই সতীৰ্থক সোধ-পোচ কৰে যদিও সতীৰ্থই নিশাই জিতেন্দ্ৰ ঘৰলৈ যোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালক। আৰু তাৰ পাছতে পৰিয়ালৰ লোকে জিতেন্দ্ৰক বিচাৰিবলৈ ধৰে আৰু শেহতীয়াকৈ খেৰণি আৰক্ষী চকীত এখন এজেহাৰ দাখিল কৰে।

এজেহাৰৰ ভিত্তিত আৰক্ষীয়ে চাৰি সতীৰ্থক সোধ-পোচ কৰাত জুলুঙাৰ মেকুৰী ওলাই পৰে। ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে পাঁচ অভিযুক্ত ক্ৰমে সন্দেশ মাৰাক (২৫), অনুলেশ মাৰাক (১৭), জিৰিম মাৰাক (১৭), শ্ৰীৰাম বিশ্বাস (২৭) আৰু শুবোধ ৰাজভৰক (২২) আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত অভিযুক্তই ৰবিবাৰে পুৱতি নিশা প্ৰায় ৩.২০ বজাত জিতেন্দ্ৰ ৰামক হত্যা কৰি গছত ওলমাই ৰখাৰ কথা স্বীকাৰ কৰিছে। আনহাতে, এনেদৰে কৰা হত্যাৰ পাছত জিতেন্দ্ৰ ৰামক ৰচীৰে গছত ওলমাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল অভিযুক্ত অপৰাধীয়ে । কিন্তু জিতেন্দ্ৰ ৰামৰ শৰীৰৰ বিভিন্ন স্থানত চুৰি অথবা ৰড আদিৰে হানি-খুচি আঘাত কৰাৰ চিন স্পষ্ট হৈ আছিল ।

দৰাচলতে কি কাৰণত জিতেন্দ্ৰক এনেদৰে নৰ পিশাচে নৃশংসভাৱে হত্যা কৰিলে সেই কথা এই পৰ্যন্ত জানিব পৰা নাই জিতেন্দ্ৰ ৰামৰ পৰিয়ালে। অৱশ্যে এজেহাৰৰ ভিত্তিত ১০৯/২০২০ নম্বৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০২, ২০১/৩৪ ধাৰাৰ এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে উক্ত ঘটনাই অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Exit mobile version