১৫ বছৰৰ মূৰত কেমেৰাত বন্দী বাঘিনীৰ সন্তান জন্ম দিয়াৰ দৃশ্য

WhatsApp Image 2020 07 27 at 12.51.42 PM

উপৰ্যুপৰি তিনিটাকৈ বানত কাজিৰঙা সম্প্ৰতি বিধ্বস্ত । বান প্ৰতিৰোধত চৰকাৰী বিফলতাৰ পৰিণতিত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯০ শতাংশ অঞ্চল পানীয়ে বুৰাই পেলোৱাত আলাই আথানি নোহোৱা হৈছে তাৰ জীৱকুলৰ। ১২ টা আপুৰুগীয়া গড়কে ধৰি ১২৩ টা জন্তুৰ এইবাৰৰ বানত মৃত্যু হৈছে। এনে ভয়াবহ পৰিৱেশৰ মাজতো আহিছে এটি ভাল খবৰ। দুখৰ মাজতো সুখৰ বাতৰি আনি দুকোলটোকা এই বানৰ মাজতে কাজিৰঙাৰ ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত তথা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংলগ্ন লাওখোৱা বুঢ়াচাপৰিত এটা বাঘে জন্ম দিলে কে’বাটিও পোৱালি ।

বিগত ডেৰ দশকৰ ভিতৰত প্ৰথম বাৰৰ বাবে সমগ্ৰ এই দৃশ্য বন্দী হয় কেমেৰাৰ লেন্সত। বাঘৰ পোৱালি জন্ম দিয়া দৃশ্য কেমেৰাত ধৰি ৰখাৰ দীৰ্ঘদিনীয়া আৰু জটিল প্ৰচেষ্টাৰ সফল হোৱাক লৈ উল্লাসিত হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ। এই সন্দৰ্ভত উদ্যান কৰ্তৃপক্ষৰ টুইটাৰত এই বিষয়ে সদৰী কৰাৰ উপৰি কেবাখনো আলোকচিত্ৰও প্ৰকাশ কৰা হৈছে। শীঘ্ৰে এই সম্পৰ্কীয় আলোকচিত্ৰ প্ৰকাশ কৰা হ’ব বুলি উদ্যান কৰ্তৃপক্ষই সদৰী কৰিছে। বানৰ মাজতে অহা এই খবৰে বন্যপ্ৰাণী প্ৰেমীসকলক উল্লাসিত কৰিছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনক এইবাৰো বানে উপৰ্যুপৰি আঘাত হনাক লৈ প্রকৃতিপ্ৰেমীসকল গভীৰভাৱে ব্যৰ্থিত। এনে বেথাই স্পৰ্শ কৰিছে সুদূৰ ইংলেণ্ডৰ ৰাজ পৰিয়ালকো। কেইদিনমান পূৰ্বে ৰাজকুমাৰ উইলিয়াম আৰু তেওঁৰ পত্নীয়ে কাজিৰঙাৰ বান পৰিস্থিতিক লৈ যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছিল। উল্লেখ্য যে বিগত বৰ্ষত পত্নীসহ উইলিয়ামে কাজিৰঙা ভ্ৰমণ কৰিছিল। উদ্বিগ্নতা প্ৰকাশ কৰি দুয়ো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

Exit mobile version