ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল বৰ্ডৰ এন্টী কৰাপশ্যন ইউনিটৰ হেড অজিত সিঙে কয় যে দুৰ্নীতিৰ ক্ষেত্ৰত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আইপিএলক লৈ চিন্তিত হোৱাৰ কোনো কাৰণ নাই ৷ লগতে অজিত সিঙে কয় যে এইবাৰ টুৰ্নামেণ্ট ডুবাই, শ্বাৰজাহ আৰু আবু ধাবীত হ’ব । ইয়াৰ দ্বাৰা মেচ ফ্ৰিক্সি্ঙৰ দৰে দুৰ্নীতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাত ভাৰততকৈ অধিক সহায়ক হ’ব ৷
ADVERTISEMENT
ইফালে কৰ’নাৰ কাৰণে আইপিএলৰ মেচ অনিৰ্দিষ্টকাললৈ বাতিল হৈছিল । আইপিএলৰ মেচ ৫১ দিনত ৬০ খন মেচ হ’ব ৷ আইপিএলৰ চেয়াৰমেন ব্ৰজেশ পেটেলে কয় যে ইতিমধ্যে সকলো প্ৰস্তুতি কৰা হৈছে যদিও আইপিএলৰ এখন বৈঠকৰ পিছত বাকী ঘোষণা কৰা হ’ব ৷