তিতাবৰ অসম-নগালেণ্ড সীমান্তত শাওণৰ বানে ক্ষতি কৰিলে শস্যভূমিৰ

WhatsApp Image 2020 07 28 at 4.28.17 PM

সোমবাৰে হঠাতে অহা এজাক প্ৰবল বৰষুণৰ ফলত সমীপৱৰ্তী নগালেণ্ড পাহাৰৰ পৰা নামি অহা বাঢ়নি পানীয়ে বুৰাই পেলালে তিতাবৰ মহকুমাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ চেনিজান, মুক্তিনগৰ গাঁৱৰ বহু কৃষকৰ শস্যভূমি । বানপানীৰ ফলত ফেনে-ফুটুকাৰে বাঢ়ি অহা নাগিনীজান নৈয়ে মথাউৰি ভাগি কাষৰীয়া লোকৰ কৃষিশস্য বালিৰে পুতি নষ্ট কৰে । ইয়াৰোপৰি, মুক্তিনগৰ গাঁৱৰ বহু অংশ নাগিনীজান নৈৰ খহনীয়াৰ কবলত পৰিছে, ক্ৰমাৎ ভেটি খহিছে নৈখনৰ দুয়ো কাষৰীয়া লোকৰ । নৈখনৰ খহনীয়াৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে নৈখনৰ সীমামূৰীয়া প্ৰমোদ বৰুৱা, বিপুল চুতীয়া, মিণ্টু ৰাউতৰ মাটি-ভেটি ।

বানত গাঁৱখনৰ দেৱ গগৈ, বিপুল চুতীয়া, প্ৰমোদ বৰুৱাৰ ধানখেতি নৈৰ মথাউৰি ছিগাৰ ফলত বালিয়ে পুতি নষ্ট কৰে । খৰস্ৰোতা নাগিনীজান নৈৰ খহনীয়াই মুক্তিনগৰ গাঁওখনৰ অস্তিত্বলৈ ভাবুকি অনাৰ লগতে নৈ কাষৰীয়া লোকৰ জীৱনলৈয়ো চৰম সংকট কঢ়িয়াই আনিছে । সেয়েহে খহনীয়াগ্ৰস্ত গাঁওবাসীয়ে পানীৰ সোঁতক বাধা দিব পৰাকৈ স্থায়ী শৈলবান্ধ নিৰ্মাণ কৰি আৰু ওখকৈ মথাউৰি বন্ধাই নৈৰ খহনীয়াৰ পৰা গাঁও আৰু কৃষকৰ মাটি-ভেটি ৰক্ষা কৰিবলৈ আৰু বানত ক্ষতিগ্ৰস্ত কৃষকক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

Exit mobile version