ক্ষেত্ৰীত চলন্ত বাহনলৈ দুৰ্বৃত্তৰ গুলী : কথমপি প্ৰাণ ৰক্ষা ব্যৱসায়ীৰ

WhatsApp Image 2020 07 29 at 10.49.02 PM

কামৰূপ মহানগৰ জিলাৰ ক্ষেত্রী আৰক্ষী থানাৰ অন্তৰ্গত খালৈবাৰী তথা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱা এক গুলীচালনাৰ ঘটনা সংঘটিত হয় । পুৱা প্ৰায় ৯.৩০বজাত সংঘটিত ঘটনাৰ বিৱৰণী মতে, মৰিগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বালাজী হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী ৰাকেশ কুমাৰ ৰাথীয়ে এ এছ ২১ চি/৬৭৭২ নম্বৰৰ সামগ্ৰী কঢ়িওৱা মহেন্দ্ৰ জিট বাহনখনেৰে চালকৰ স’তে গুৱাহাটীলৈ বুলি গৈ আছিল ।

এনেতে ক্ষেত্ৰীৰ খালৈবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাওঁফালৰ পৰা হঠাতে এখন ৰঙা ৰঙৰ এল্ট’ বাহনে তেওঁলোকে অতিক্রম কৰে আৰু বাহনখনৰ পৰা অচিনাক্ত দুৰ্বিত্তই ব্যৱসায়ীজনলৈ বুলি গুলি চালনা কৰে । ঘটনা সংঘটিত কৰিয়ে এল্ট’খন তীব্রবেগত আতৰি যায় । গুলিচালনাৰ ফলত বাহন খনৰ বাওঁফালৰ দুৱাৰৰ আইনা ভাগি চূৰ্ণ-বিচূৰ্ণ হয় । ঘটনাত কিংকৰ্তব্যবিমূঢ় হৈ পৰা ব্যৱসায়ী ৰাকেশে প্ৰথম অৱস্থাত খলা-বমা পথৰ বাবে গাড়ীৰ আইনা ভঙা বুলি ভাবিছিল যদিও পাছত বাহনৰ ভিতৰত এটা গুলি প্ৰত্যক্ষ কৰি ভীতিগ্ৰস্ত হৈ পৰে আৰু ই এক গুলিচালনাৰ ঘটনা বুলি নিশ্চিত হয় ।

লগে লগে ব্যৱসায়ী জনে ক্ষেত্ৰী থানাত উপস্হিত হৈ ঘটনাৰ সৱিশেষ আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে লগে লগে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু বাহনখনৰ পৰা এটা গুলিৰ কাৰ্টুজ উদ্ধাৰ কৰে । ঘটনাৰ সন্দৰ্ভত ব্যৱসায়ীজনে জানিব দিয়া মতে যোৱা ৩০মে’ত কোনো অচিনাক্ত লোকে ফোনযোগে তেওঁক ধন দাবী কৰাৰ লগতে ধন নিদিলে বিষম পৰিণাম ভুগিব লাগিব বুলি ভাবুকি প্ৰদান কৰিছিল । এই সন্দৰ্ভত মৰিগাঁও আৰক্ষীক অৱগত কৰি এজাহাৰ দাখিল কৰা বুলিও তেওঁ প্ৰকাশ কৰে ।

Exit mobile version