ঠেলাত ‘চোলা -কুলচা’ বিক্ৰী কৰি কোটিপতি হ’ল দিল্লীৰ উৰ্বশী

download 3

জীৱনৰ গতিপথে মানুহক ক’লৈ লৈ যায় কোনেও ক’ব নোৱাৰে । কিছুমান বিশেষ পৰিস্থিতিয়ে মানুহৰ জীৱনৰ পৰিক্ৰমা সলনি কৰি দিয়ে । নতুন দিল্লীৰ গুৰুগ্ৰামৰ উৰ্বশী যাদৱ নামৰ মহিলাগৰাকী আজি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কাৰণ ৰাস্তাৰ কাষত ‘চোলা-কুলচা’ বিক্ৰী কৰা উৰ্বশী এতিয়া কোটি টকাৰ সম্পত্তিৰ গৰাকী ।

স্নাতক ডিগ্ৰী লাভৰ পাছত উৰ্বশীয়ে দিল্লীৰ এখন ৰেস্তোৰাঁৰ কাৰ্যালয় সহায়িকা হিচাপে কামত যোগ দিয়ে । ২০১০ত উৰ্বশীয়ে বিবাহপাশত আবদ্ধ হয় এটি ৰিয়েল ইষ্টেণ্ট সংস্থাত কাম কৰা অমিত যাদৱৰ স’তে । সেই বৰ্ষতে ক্ৰিকেট খেলি থাকোতে দুৰ্ঘটনাত পতিত হয় অমিত । এই ঘটনাৰ পাছত পৰিয়াল ভৰণ-পোষণৰ সমস্যা হোৱাত উৰ্বশীয়ে স্কুল-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি যোগ দিয়ে এখন বিদ্যালয়ত ।

তেওঁলোকৰ বিবাহিত জীৱন ঠিকেই চলি কিন্ত তাৰ মাজতেই নামি আহিল ঘোৰ অমানিশা । ঘৰৰ চাদৰ পৰা পৰি উৰ্বশীৰ স্বামী অমিত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় । ফলত সন্তানৰ পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি সমস্ত দায়িত্ব উৰ্বশীৰ ওপৰত পৰে । জীৱনৰ এনে জটিল সন্ধিক্ষণত জীৱন সংগ্ৰামৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ব্যৱসায় কৰাৰ কথা চিন্তা কৰে ।

ৰাস্তাৰে গৈ থাকোতে উৰ্বশীৰ চকু পৰে ৰাস্তাৰ ওচৰত চোলা-কুলচা বিক্ৰী কৰা এখন ঠেলাত।উৰ্বশীয়েও ঠিৰাং কৰে ‘চোলা-কুলচা’ বিক্ৰীৰ ব্যৱসায়ৰ । পৰিয়ালৰ সদস্যসকলৰ আপত্তিক কাণসাৰ নকৰি এখন ঠেলাতে উৰ্বশীয়ে আৰম্ভ কৰে ‘উৰ্বশীজ চোলা-কুলচা’ । এইদৰে ‘চোলা-কুলচা’ বিক্ৰী কৰা উৰ্বশী এতিয়া এখন ৰেস্তোৰাঁৰ গৰাকী । বৰ্তমান তিনি কোটি টকাৰ সম্পত্তিৰ গৰাকী উৰ্বশী।

Exit mobile version