বিশ্ববাসীৰ উৎকণ্ঠা তল পেলাই অচিৰেই মুকলি হ’ব কৰ’না ভাইৰাছৰ ভেকচিন

coronavaccine1.v1

বিশ্ববাসীৰ অপেক্ষাক অন্ত পেলাই শীঘ্ৰেই মুকলি হ’ব বিশ্বত্রাসী অতিমাৰী ‘কৰ’না ভাইৰাছ’ৰ ভেকচিন । এই ৰোগক প্ৰতিহত কৰিবলৈ বিশ্বৰ বহু বিজ্ঞানীয়ে ইতিমধ্যে গৱেষণা কৰি আছে । কিন্ত বিশেষ ভাৱে সফল হ’ব পৰা নাই বিজ্ঞানীসকল । কিন্তু বিশ্ববাসীৰ বাবে আছে এটা সু-খবৰ । আগষ্টতে বজাৰলৈ আহিব কৰণাৰ ভেকচিন । মস্কোৰ গামালেয়া ইনষ্টিটিউটে প্ৰস্তুত কৰিছে এই ভেকচিন । দাবী অনুসৰি মস্কোৰ ‘গেমলিয়া ৰিছাৰ্চ অৱ এপেডেমিউলজি এণ্ড মাইক্ৰবায়লজি’ত তৈয়াৰ কৰা এই ভেকচিন পঞ্জীয়নৰ তিনি দিনৰ পৰা সাত দিনৰ ভিতৰত জনসাধাৰণে ব্যৱহাৰ কৰিবলৈ সন্মতি পাব ।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতেই এই ভেকচিনে সফলতাৰে প্ৰথমটো ‘Human trial’ সম্পূৰ্ণ কৰিছে । চলিত মাহৰে দ্বিতীয় সপ্তাহত এই ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ‘Human trial’ আৰম্ভ হৈছে । যিকোনো ভেকচিন মানৱ দেহত তিনিটা পৰ্যায়ৰ পৰীক্ষণৰ পাছতহে ব্যৱহাৰৰ বাবে সন্মতি লাভ কৰে ।সাধাৰণতে প্ৰায় ভেকচিন মানৱ দেহৰ পৰীক্ষণৰ প্ৰথম পর্যায়তে বহু সময়ৰ প্ৰয়োজন হয় ।

উল্লেখ্য যে, সম্প্ৰতি পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ৰাছিয়াই এই ভেকচিনৰ অতি শীঘ্ৰে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ কৰি তৃতীয় পৰ্য্যায়ৰ পৰীক্ষণ অবিহনেই সাধাৰণ লোকৰ বাবে মুকলি কৰি দিয়াৰ চিন্তা-চৰ্চা কৰিছে । ৰাছিয়াই ১০ আগষ্টতে কৰ’ণাৰ ভেকচিন মুকলি কৰি দিয়াৰ সম্ভাৱনা।ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণ অব্যাহত আছে । অৱশ্যে বৈজ্ঞানিক পৰীক্ষণৰ সবিশেষ প্ৰকাশ কৰা নাই ৰাছিয়াই । ভাৰতেও অব্যাহত ৰাখিছে কৰ’নাৰ ভেকচিন প্ৰস্তুতি তাৰ মাজতেই চৰ্চিত হৈছে এই ভাল খবৰ ।

Exit mobile version