অগপৰ উদ্যোগত আজাৰাত সাংবাদিক-সংবাদকৰ্মীক সাহায্য বিতৰণ

AGP

দেশজুৰি কৰ’না ভাইৰাছে এক মাৰাত্মক ৰূপ ধাৰণ কৰিছে । দৈনিক বৃদ্ধি হৈছে কৰ’নাৰ সামাজিক সংক্ৰমণ । এনে পৰিপ্ৰেক্ষিতত চিকিৎসক-স্বাস্থ্যকৰ্মী, জৰুৰী সেৱা, আৰক্ষীৰ লগতে সাংবাদিক-সংবাদ কর্মীসকলে নিজ জীৱনক তুচ্ছ কৰি দিনে-নিশাই ৰাইজৰ হৈ সেৱা আগবঢ়ায় আহিছে । কৰ’নাৰ বিৰুদ্ধে এই যুঁজত আক্ৰান্ত হোৱা সত্বেও সুস্থ হৈ পুনৰ সংবাদ সেৱাত মনোনিবেশ কৰিছে সাংবাদিক-সংবাদকর্মীসকলে ।

ৰাইজক নিৰন্তৰ সেৱা আগবঢ়াই অহাৰ বাবে সংবাদিক-সংবাদকৰ্মীসকল ধন্যবাদৰ পাত্ৰ বুলি মন্তব্য কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । আজি আজাৰাস্থিত ৰাজহুৱা সভাঘৰ প্ৰাঙ্গণত অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ সমিতিৰ উদ্যোগত সাংবাদিক-সংবাদকৰ্মী সকলৰ মাজত মাস্ক, ছেনিটাইজাৰৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক কলিতাই ।

বিধায়গৰাকীৰ সমষ্টিৰ ৰাইজৰ অভাৱ-অভিযোগকে ধৰি জলন্ত সমস্যা সমূহ দাঙি ধৰি তাৰ সমাধানত সহযোগিতা আগবঢ়োৱা বাবে সাংবাদিকসকলৰ শলাগ লয় বিধায়ক কলিতাই । অগপৰ কেন্দ্ৰীয় সাংগঠনিক সুভাষ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ সাধাৰণ সম্পাদক ৰাজেন মেধী, সহকাৰী সাধাৰণ সম্পাদক ৰুবুল বৈশ্যসহ বহু কেইগৰাকী বিষয়ববীয়া আৰু কর্মকৰ্তা উপস্থিত থাকে।

Exit mobile version