আম্বালাত কিয় ৰখা হ’ল ৰাফেল

https api.thedrive.com wp content uploads 2020 07 ambala

হাৰিয়ানাৰ আম্বালা বায়ুসেনাৰ ঘাটিত ৰাফেল বিমান অৱতৰণৰ লগে ভাৰতীয় বায়ুসেনা বাহিনীত এক নতুন অধ্যায়ৰ ৰচনা হ’ল । বিগত দুটা দশকৰ পাছত নতুন যুঁজাৰু বিমান ভাৰতীয় বায়ুসেনাত সংযোজিত হ’ল ।এতিয়া বহুতৰে মনত প্ৰশ্ন উদয় হৈছে আম্বাল বায়ুসেনা ঘাটিত এই বিমান সমূহ কিয় ৰখা হ’ল? প্ৰথম বিশ্বযুদ্ধৰ পাছত ব্ৰিটিছ সকলে আম্বালাত বায়ুসেনা ঘাটি স্থাপন কৰাৰ সুচল পথ দেখিয়েই আম্বালাত বায়ুসেনা ঘাটি নিৰ্মাণ কৰিছিল । ইয়াতে ৰখা হৈছিল ব্ৰিটেইনৰ ৰয়েল এয়াৰফ’ৰ্চৰ ন ন স্কোৱাড্ৰেনৰ বিষ্টল যুদ্ধ বিমানসমূহ ।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো এই বিমান ঘাটি ব্যৱহাৰ কৰা হৈছিল । ভাৰতে স্বাধীনতা লাভ কৰা পাছত আম্বালাকেই দেশৰ প্ৰথমটো বায়ুসেনা ঘাটি হিচাপে স্বীকৃতি দিয়া হৈছিল । ইয়াৰ পূৰ্বে ভাৰতীয় বায়ুসেনাৰ বোমাৰু বিমান, মিগ-২১ বাইচন বিমান সমূহ ইয়াতেই মজুত ৰখা হৈছিল । তদুপৰি ছুখইৰ দৰে শক্তিশালী যুঁজাৰু বিমানো ইয়াতেই ৰখা হৈছিল । নিৰাপত্তাৰ ক্ষেত্ৰত এই বিমান ঘাটিটো সবাতোকৈ সুৰক্ষিত হিচাপে গণ্য কৰা হয় । ৰাফেল যুঁজাৰু বিমান আম্বালাত ৰখাৰ আন এক কাৰণ হ’ল কৌশলগত অৱস্থান । প্ৰয়োজন সাপেক্ষে বায়ুসেনাই এইটো ঘাটিৰ পৰাই দেশৰ পশ্চিম আৰু উত্তৰ দিশে অভিযান চলাব পৰাৰ সুবিধা আছে ।

এই বিমান ঘাটিটোত শক্তিশালী ‘এন্টি এয়াৰক্ৰফট ছিষ্টেম’ তথা নিৰীক্ষণ ব্যৱস্থা । শত্ৰুপক্ষয়ো ইয়াত সহজে আক্ৰমণ কৰিব নোৱাৰে । শেহতীয়াকৈ ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদৰ মাজত আম্বালাৰ দুটা ইঞ্জিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান ৰাফেলৰ পদাৰ্পণ কৰাত ৰঙা ফৌজ এখোজ হ’লেও পিছুৱাই যাবলৈ বাধ্য হৈছে । দেশৰ সবাতোকৈ সুৰক্ষিত স্থানত অত্যাধুনিক ৰাফেল চমকি উঠাৰ লগে লগে আন এক ইতিহাসৰ সাক্ষী হৈ ৰ’ল আম্বালা ।

Exit mobile version