কৰ’নাৰ পাৰ্শ্বক্ৰিয়াঃ সুস্থসকলৰ পূৰ্বতকৈ দুৰ্বল হৈ পৰিছে হৃদযন্ত্ৰ

corona

কৰ’নাত আক্ৰান্তসকলৰ অধিকসংখ্যকেই পুনৰ সুস্থ হৈ উঠিলেও এই লোকসকলৰ মাজত দেখা গৈছে বিভিন্ন পাৰ্শ্বক্ৰিয়া ৷ বিশেষকৈ এনে লোকৰসকলৰ মাজত হৃদযন্ত্ৰৰ পেশী ফুলি উঠাৰ বহু ঘটনা পোহৰলৈ আহিছে । এই সন্দৰ্ভত জাৰ্মান চিকিৎসকসকলে জনোৱা অনুসৰি কৰ’নাৰ পৰা সুস্থ হৈ উঠাসকলৰ ভিতৰত তিনি চতুৰ্থাংশৰ মাজত এনে ঘটনা পোহৰলৈ আহিছে ৷ এনে লোকসকলক এম আৰ আই কৰাৰ পাছত স্পষ্ট হৈ পৰিছে ৷

এখন জাৰ্মান জাৰ্ণেলত এই সন্দৰ্ভত প্ৰতিবেদনো প্ৰকাশ পাইছে ৷ ফ্ৰাংকফুৰ্টৰ ইউনিভাৰ্চিটি হাস্পতালত চিকিৎসক ভেলেন্টিনা পুন্টমানে জনোৱা অনুসৰি কৰ’না আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈ উঠা এশজন লোকৰ ভিতৰত ৭৮ জনৰ ক্ষেত্ৰতে এনে লক্ষণ দেখা গৈছে । মূলত ৪৫ বছৰ বয়সৰ পৰা ৫৩ বছৰ বয়সীয়া লোকসকলৰ মাজৰসকলক লৈ কৰা পৰীক্ষাত হৃদযন্ত্ৰৰ পেশী দুৰ্বল হোৱা অথবা পেশীৰ আকাৰ বৰ্ধিত হোৱাটো সন্মুখলৈ আহে ৷ ইয়াৰ ৩৬ শতাংশই শ্বাস প্ৰশ্বাস লোৱাত কষ্ট অনুভৱ কৰাৰ লগতে অধিক ক্লান্তি অনুভৱ কৰিবলৈ লৈছে ৷ ৭১ জনৰ আকৌ হৃদযন্ত্ৰৰ পেশী অধিক ক্ষতিগ্ৰস্ত হোৱাটোও পৰিলক্ষিত হয় ৷

কৰ’নাত আক্ৰান্ত নোহোৱাকৈ প্ৰায় একে ধৰণৰ শাৰীৰিক সমস্যাত ভোগা তথা কৰ’নাৰ পৰা সুস্থ হৈ উঠাসকলৰ হৃদযন্ত্ৰৰ কাৰ্যকৰিতাৰ সন্দৰ্ভতো চিকিৎসকসকলে পৰীক্ষা কৰিছিল । আনহাতে আন এখন জাৰ্মান জাৰ্ণেলৰ দাবী অনুসৰি ছাৰ্ছ কোভ দুই ভাইৰাছে কৰা জিনগত পৰিৱৰ্তনৰ ফলত সম্প্ৰতি চিন্তাৰ লগতে স্বস্তিৰ বাৰ্তাও আহিছে ৷ চিন্তাৰ কাৰণ হ’ল এই পৰিৱৰ্তনৰ ফলত ভাইৰাছৰ বহিঃ আক্ৰমণত প্ৰ’টিনৰ স্পাইক’ৰ সংখ্যা বৃদ্ধি পাইছে । ফলত ভাইৰাছৰ আক্ৰমণৰ ক্ষমতাও বৃদ্ধি পাইছে ৷ এনে আক্ৰমণত শৰীৰৰ কোষ পৰ্যন্ত আক্ৰান্ত হ’বলগীয়া হৈছে ।

কিন্তু স্পাইক প্ৰ’টিন মানৱ শৰীৰৰ কোষৰ মাজত প্ৰবেশ কৰাৰ লগে লগে ইয়াৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ব্যৱস্থাকো সজাগ কৰি তোলে । এনে অৱস্থাত শৰীৰত “এন্টিবডী” প্ৰস্তুত হয় । শৰীৰত প্ৰস্তুত হোৱা এন্টিবডিয়ে বাহিৰৰ পৰা প্ৰৱেশ কৰিব বিচৰা ভাইৰাছক প্ৰতিৰোধ কৰাৰ লগতে স্পাইক প্ৰ’টিনকো বাধা আৰোপ কৰে ৷ তথাপি এই কথা মনত ৰাখিব লাগিব যে জাৰ্মানীত কৰ’নাত ভাইৰাছৰ ইটালীয় অধিক সক্ৰিয় আছিল, কিন্তু ভাৰতত ভাইৰাছৰ এনে সক্ৰিয়তা দৃষ্টিগোচৰ হোৱা নাই ।

Exit mobile version