কৰ’না ভাইৰাছৰ কৃপাত সুদীৰ্ঘ ৩৩ বছৰৰ পিছত দশম শ্ৰেণী উত্তীৰ্ণ হ’ল মহম্মদঃকিন্তু কেনেকৈ?

screenshot 20 1596093318

বিশ্বত কৰ’নাৰ মহামাৰীৰ সময়তে আটাইতকৈ সুখী ব্যক্তি হিচাপে পৰিগণিত হৈছে হায়দৰাবাদৰ এজন লোক ৷ কাৰণ সুদীৰ্ঘ ৩৩ বছৰৰ পিছত মহম্মদ নুৰুদ্দিন নামৰ ৫১ বছৰীয়া লোকজন উত্তীৰ্ণ হৈছে দশম শ্ৰেণী । তথ্য অনুসৰি মহম্মদৰ এই সফলতা বাস্তৱত পৰিণত হৈছে একমাত্ৰ কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে ৷ কাৰণ কৰ’নাৰ কাৰণে ভাৰতৰ প্ৰায় বিলাক বিদ্যালয়তে পৰীক্ষা বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন হৈছিল । পৰীক্ষা অবিহনেই উত্তীৰ্ণ কৰাৰো আহ্বান কৰিছিল । ইয়াৰ পিছত কৰ’নাই কৰা পৰিস্থিতিৰ পিছতে তেলেংগনাৰ মহম্মদ নুৰুদ্দিন উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷

উল্লেখযোগ্য যে মহম্মদ নুৰুদ্দিন হাইদৰাবাদৰ অঞ্জুমান বয়জ হাইস্কুলত সুৰক্ষা কৰ্মী হিচাপে কৰ্মৰত আছিল । মহম্মদে প্ৰথমবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল ১৯৮৭ চনত ৷ কিন্তু ইংৰাজীত ফেইল কৰাৰ কাৰণে সেইবাৰ উত্তীৰ্ণ হ’ব নোৱাৰিলে মহম্মদ । তেতিয়াৰ পৰা মহম্মদে প্ৰত্যেকবাৰেই উত্তীৰ্ণ হ’বলৈ চেষ্টা কৰি আহিছে যদিও সফল হ’ব পৰা নাই । কিন্তু মহম্মদৰ প্ৰতি এইবাৰ সুদৃষ্টি পেলালে কৰ’না ভাইৰাছে । ভাইৰাছৰ কৃপাত সকলো বিদ্যালয়-মহাবিদ্যালয়ৰ পৰীক্ষা বাতিল হোৱাৰ কাৰণে দশম শ্ৰেণী হেলাৰঙে উত্তীৰ্ণ হ’ল মহম্মদ ৷

Exit mobile version