প্ৰাপ্তবয়স্কতকৈ ১০০গুণে বেছি শিশুৰ কৰ’না ভাইৰাছ সংক্ৰমণৰ ক্ষমতা

covid19

সমগ্ৰ বিশ্বত কৰ’নাৰ সংহাৰী ৰূপ ৷ এই সময়তে প্ৰকাশ পাইছে যে পাঁচ বছৰৰ তলৰ শিশুৰ কৰ’না ভাইৰাছক বিয়পোৱাৰ ক্ষমতা বেছি থাকে । ইপিনে সৰু ল’ৰা ছোৱালীয়ে কৰ’না ভাইৰাছ এজনে আনজনৰ পৰা সংক্ৰমণ কৰে নে নাই সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই । কৰ’না ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত শিশুৰ বিয়পোৱাৰ ক্ষমতা কেনেধৰণৰ সেই সন্দৰ্ভত এতিয়াও তথ্য উপলব্ধ হোৱা নাই ।

এক বিশেষ সূত্ৰৰ মতে, শিশুৰ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষমতা কেনেধৰণৰ সেয়া সৰ্বতো প্ৰকাৰে অধ্যয়ন কৰা হৈছে ৷ এই অধ্যয়নত এমাহৰ পৰা ৬৫ বছৰৰ ক’ভিড-১৯ আক্ৰান্ত ১৪৫ জন ব্যক্তিক স্বাস্থ্যৰ পৰীক্ষা কৰা হয় । তেওঁলোকক তিনিটা ভাগত ভাগ কৰি অধ্যয়ন কৰা হয়। এই বিভাগত পাঁচ বছৰৰ পৰা সৰু শিশু, পাঁচৰ পৰা ১৭ বছৰীয়া শিশু আৰু ১৮ বছৰৰ পৰা ৬৫ বছৰীয়া লোকক লৈ অধ্যয়ন কৰা হয় । এই অধ্যয়নত দেখা যায় যে সৰু শিশুৰ ৰোগ বিয়পোৱাৰ ক্ষমতা বয়স্ক লোকতকৈ ১০ ৰ পৰা ১০০ গুণ বেছি ৷ ক’ভিড-১৯ত আক্ৰান্ত শিশুৰ ভাইৰেল লোড বয়স্ক লোকৰ সমান্তৰাল ।

আনহাতে এই অধ্যয়নত পাঁচ বছৰৰ তলৰ শিশুৰ ভাইৰেল নিউক্লিক এচিড অধিক পৰিমাণে পোৱা গৈছে ৷ যিয়ে নতুন ভাইৰাছ উৎপন্ন কৰাৰ কাৰণে আনুবংশিক ক’ড তৈয়াৰ কৰিব পাৰে ৷ এই অধ্যয়নত কেৱল নিউক্লিক এছিডহে দেখা গৈছে সংক্ৰমিত ভাইৰাছক দেখা পোৱা নাই । ইয়াৰ অৰ্থ এইটোৱেই যে শিশুৱে ভাইৰাছ অধিক পৰিমাণে বিয়পাব পাৰে ।

Exit mobile version