বৰঝাৰত বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

WhatsApp Image 2020 07 31 at 7.54.19 PM

কেন্দ্ৰীয় চৰকাৰে গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰকে ধৰি দেশৰ কে’বাটাও বিমান বন্দৰক ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সিদ্ধান্তৰ বিৰোধীতা কৰিছে দেশৰ কে’বাটাও ট্ৰেড ইউনিয়নৰ সৰ্ববৃহৎ যৌথ ট্ৰেড ইউনিয়ন ‘জইণ্ট ফ’ৰাম অৱ ইউনিয়নচ এণ্ড এচচিয়েছনে’।

ইয়াৰে এক অংশ স্বৰূপে যোৱা ৩০ জুলাইত জইণ্ট ফ’ৰাম অৱ ইউনিয়নচ এণ্ড এচচিয়েছনৰ আহ্বানত বি এম এছৰ সহযোগত এয়াৰপৰ্ট এম্পলয়িজ ইউনিয়নে বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । দিনৰ এক বজাৰ পৰা বিয়লি তিনি বজালৈ দুঘণ্টীয়া ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

উক্ত কাৰ্যসূচীত এ.এ.ই.ইউৰ উপৰি এ.এ.আই ইঞ্জিনিয়াৰিং গীল্ড, এ.এ.আই কমিউনিকেছন গীল্ড, এয়াৰপৰ্ট কামাণ্ডাৰ ইউনিয়ন, এ.এ.আই.এছ.চি.এছ এম্পলয়িজ ৱেলফেয়াৰ এচ’ছিয়েছনৰ শতাধিক কৰ্মকৰ্তা-সদস্যই স্বাস্থ্য বিধি পালন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । উক্ত কাৰ্যসূচীত ইউনিয়ন সমূহৰ কে’বাজনো নেতাই অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে অনাগত সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দি শ্ৰমিক-কৰ্মচাৰীক একগোট হৈ থাকিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, ভাৰতীয় মজদুৰ সংঘয়ো চৰকাৰৰ বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে যোৱা ২৪ জুলাইৰ পৰা ৩০ জুলাইলৈ দেশজুৰি ‘চৰকাৰ জাগো সপ্তাহ’ শীৰ্ষক সপ্তাহজুৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

Exit mobile version