শিক্ষাখণ্ডত ব্যাপক সালসলনিঃ শিক্ষানীতিক লৈ চৰ্চা দেশজুৰি

545687 school

সদ্যঘোষিত নতুন শিক্ষানীতি ২০২০ক লৈ দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ শিক্ষা আৰু শিক্ষণৰ ওপৰত দৃষ্টিপাতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে সুদীৰ্ঘ ৩০ বছৰৰ পাছত সংশোধিত এই নতুন নীতিয়ে । এই পৰ্যন্ত বিভিন্ন ডীমড বিশ্ববিদ্যালয়ৰ বাবে আমাৰ ভিন ভিন নীতি চলি আহিছে ৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, বিভিন্ন ব্যক্তিগত শিক্ষানুষ্ঠানৰ বাবেও ভিন ভিন নীতি আছে। নতুন শিক্ষানীতিৰ জৰিয়তে সকলোৰে বাবে গুণগত আৰু নীতি একে হ’ব ৷ চৰ্চাৰ সম্পৰ্কত এইদৰে কয় কেন্দ্ৰীয় উচ্চ শিক্ষা সচিব অমিত খাবেই ৷

ইতিমধ্যে এই শিক্ষানীতিক কেন্দ্ৰ কৰি দেশত মিশ্ৰিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে ৷ গৰিষ্ঠসংখ্যক দল তথা সংগঠনে এই শিক্ষানীতিয়ে ইতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশ ব্যক্তি তথা দল সংগঠনে ই দেশৰ শিক্ষাব্যৱস্থাত মাধমাৰ শোধাব বুলি আশংকা প্ৰকাশ কৰিছে ৷ অৱশ্যে বিতৰ্ক সপক্ষে অথবা বিপক্ষে হওক, এই শিক্ষানীতিয়ে যে আমূল পৰিৱৰ্তনৰ সূচনা কৰিব তাক লৈ সকলোৱে একমত প্ৰকাশ কৰিছে  ৷

স্কুলীয়া শিক্ষাত বৃহৎ সংস্কাৰ :

১. বৰ্ডৰ পৰীক্ষাৰ অংশীদাৰিত্ব হ্ৰাস পাব আৰু মুখস্থ বিদ্যাৰ সলনি প্ৰকৃত জ্ঞানৰ পৰীক্ষা হ’ব ৷

২. পঞ্চম শ্ৰেণীলৈ মাতৃভাষা হ’ব শিক্ষাৰ মাধ্যম ৷

৩. কেৱল নম্বৰৰ সলনি ৰিপৰ্ট কাৰ্ডত থাকিব দক্ষতা আৰু সামৰ্থ্যৰ বিতং প্ৰতিবেদন ৷

৪. দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰিষদৰ পৰীক্ষা নতুনকৈ ডিজাইন কৰা হ’ব আৰু এক নতুন ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ পৰখ” গঠন কৰা হ’ব ৷ ই মান নিৰ্ধাৰণ কৰিব ৷

৫. দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দুটা পৰ্যায়ত হ’ব আৰু ছাত্ৰ ছাত্ৰীৰ নম্বৰ বঢ়াবলৈ পৰিষদসমূহত দুটাকৈ সুযোগ দিয়া হ’ব ৷ পৰিষদৰ পৰীক্ষাত ছেমিষ্টাৰ বা বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত হ’ব পাৰে যাতে পৰীক্ষাৰ চাপ ভগাই দিব পাৰি আৰু বোজা কম হয় ।

ইপিনে নতুন শিক্ষা নীতিয়ে স্কুলীয়া শিক্ষাৰ পৰিসৰ তিনিৰ পৰা ১৮ বছৰ বয়সলৈ কৰিব ৷ তিনিৰ পৰা ছবছৰীয়া শিক্ষাৰ্থীও বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুত হ’ব ৷ নতুন ব্যৱস্থা অনুসৰি ১২ বছৰীয়া স্কুলীয়া শিক্ষা হ’ব আৰু তিনি বছৰ অংগনবাড়ী প্ৰাক বিদ্যালয় শিক্ষা ব্যৱস্থা ৷

উচ্চ শিক্ষাৰ কেইটামান উল্লেখযোগ্য সংস্কাৰ :

১. কে’বাতৰপীয়া প্ৰবেশ প্ৰস্থান ব্যৱস্থা ।

২. স্নাতক কাৰ্যসূচীৰ বাবে তিনিৰ পৰা চাৰিবছৰ  ৷

৩. স্নাতকোত্তৰৰ বাবে একৰ পৰা দুবচৰৰ পাঠ্যক্ৰম ৷

৪. এম ফিল নাথাকিব ৷

মন কৰিবলগীয়া যে নতুন শিক্ষানীতিত নাথাকিব পূৰ্বৰ দৰে বিজ্ঞান, কলা আৰু বাণিজ্য বিভাগৰ ভিন্নতা ৷ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন শাখাৰ পৰা পছন্দৰ মতে বিষয় বাছনি কৰিব পাৰিব ৷ ষষ্ঠ শ্ৰেণীৰ পৰাই বিদ্যালয়ত বৃত্তিমুখী শিক্ষা আৰম্ভ হ’ব ৷ তদুপৰি উচ্চ শিক্ষাখণ্ডত স্নাতক মহলাৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাগ্ৰহণৰ সময় তিনিৰ পৰা চাৰি বছৰ হ’ব ৷ এবছৰ কলেজত অধ্যয়ন কৰিলেও চাৰ্টিফিকেট পাব ৷ দুবছৰ অধ্যয়ন কৰিলে ডিপ্ল’মা চাৰ্টিফিকেট পাব আৰু সম্পূৰ্ণ শ্ৰেণী অধ্যয়ন কৰিলে ডিগ্ৰী লাভ কৰিব ৷ এই নতুন শিক্ষানীতিৰ সন্দৰ্ভত দিল্লীৰ সৰ্বভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক ৰামগোপাল ৰাৱে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ বাবে ইয়াক মৰীল মমেন্ট আখ্যা দিয়ে ৷

সম্বলপুৰৰ আইআইএমৰ সঞ্চালক মহাদেৱ জয়ছোৱালে কয় যে ১০+২ গাঁথনিৰ সলনি ৫+৩+৩+৪ ব্যৱস্থা আন্তৰ্জাতিক শৈক্ষিক মানৰ স’তে ৰজিতা খোৱা হৈছে ৷ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নাজমা আখতাৰে এই নতুন শিক্ষা নীতিক যুগান্তকাৰী আখ্যা দিয়ে । অৱশ্যে একাংশ শিক্ষাবিদে এই নীতিক লৈ যথেষ্ট সন্দিহান হোৱা পৰিলক্ষিত হৈছে ।

পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম স্থানীয় ভাষা হোৱাটো গুৰুত্বপূৰ্ণ ৷ বিশ্বজুৰি প্ৰতিখন দেশ বা ৰাজ্যত প্ৰাথমিক শিক্ষা স্থানীয় অথবা মাতৃভাষাত দিয়া হয় ৷ কিন্তু এই সময়ত সন্তানে জনা, ভবা আৰু নিজকে প্ৰকাশ কৰা মাতৃভাষাৰ মাধ্যমেৰে ৷ এইদৰে কয় আঁচনিৰ শিক্ষা নীতিৰ সমিতিৰ অধ্যক্ষ কৃষ্ণস্বামী কস্তুৰীৰংগনে ৷

তেওঁ কয় যে পঞ্চম শ্ৰেণীলৈ মাতৃভাষাৰ শিক্ষা শুদ্ধ আৰু জ্ঞানী ৷ কিয়নো দেশজুৰি ৮৫ শতাংশ জনসংখ্যাই নিজৰ ভাষাত লিখে আৰু পঢ়ে । ১৫ শতাংশইহে ইংৰাজী ব্যৱহাৰ কৰে । গতিকে দেশজুৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ, আগশাৰীৰ শিক্ষাবিদে এই নীতি প্ৰস্তুত কৰিছে বুলি সদৰী কৰে ড° কস্তুৰীৰংগনে।

Exit mobile version