সামাজিক মাধ্যমত অসামাজিক মন্তব্যৰ অভিযোগ তুলি বোকাজান থানাত তিনি ছাত্ৰ সংগঠনৰ এজাহাৰ

http com.ft .imagepublish.upp prod us.s3.amazonaws

সামাজিক মাধ্যম ফেচবুকত উচতনিমূলক আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ অভিযোগ তুলি কাৰ্বি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু এছ.ৱাই.চি নামৰ তিনি ছাত্ৰ সংগঠনে বোকাজান থানাত এক এজাহাৰ দাখিল কৰিছে ৷ সংগঠন কেইটাই গোলাঘাটৰ ঋতুৰাজ বৰা নামৰ এজন যুৱকৰ বিৰুদ্ধে তৰিছে এই অভিযোগ ৷ এজাহাৰত উল্লেখ কৰা মতে, ২৮ জুলাইত কাৰ্বি আংলংৰ বোকাজানৰ এখন দলং সম্পৰ্কে সংবাদ মাধ্যমত এক বাতৰি প্ৰকাশ হৈছিল আৰু সেই বাতৰিটো ফেচবুকত সংলগ্ন কৰিছিল বিভিন্ন জনে ৷ বহু লোকে বাতৰিটো সম্পৰ্কত ফেচবুকত মন্তব্য দিছিল ৷ ‘

তাৰে কিছু সংখ্যকে কাৰ্বি আংলঙক লৈ তাচ্ছিল্য মন্তব্য প্ৰদান কৰিছিল যাৰ বাবে জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই প্ৰসঙ্গত বৃহস্পতিবাৰে হাওৰাঘাটৰ পৰা চাৰিজন লোকক আৰক্ষীয়ে আটক কৰাৰ পাছত বোকাজান থানাত উক্ত সংগঠন কেইটাই গোলাঘাটৰ যুৱক জনৰ ওপৰতো অভিযোগ তুলি এজাহাৰ প্ৰদান কৰিছে ৷ সংগঠন কেইটাই যুৱক জনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী তুলি এজাহাৰত উল্লেখ কৰে যে এনে মন্তব্যই সাধাৰণ লোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে ৷

Exit mobile version