অসম ৰাজ্যিক চিৰিয়াখানাৰ ৬৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন

zoo

অসম ৰাজ্যিক চিৰিয়াখানাৰ আৰু উদ্ভিদ উদ্যানৰ ৬৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন শনিবাৰে চিৰিয়াখানাৰ চৌহদত অনুষ্ঠিত কৰা হয় | এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য কয় যে চিৰিয়াখানাক ভাৰতৰ এক অন্যতম চিৰিয়াখানা হিচাপে প্ৰতিষ্ঠা কৰা লক্ষ্য ৷ চিৰিয়াখানা উন্নত আৰু পৰিষ্কাৰ বাবে চৰকাৰে কেবাখনো আচঁনিৰ ৰূপায়ণ কৰিছে ৷

উল্লেখ্য যে এই চিৰিয়াখানা উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যিক চিৰিয়াখানা ৷ ইয়াৰ মুঠ মাটিকালি প্ৰায় ১৭৫ হেক্টৰ আৰু হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত ইয়াৰ অৱস্থিত ৷ ১৯৫৭ চনত গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনৰ আয়োজক সমিতিয়ে কেইবিধমান জন্তু আৰু চৰাইকে ধৰি এখন প্ৰদৰ্শনী পাতিছিল । ইয়াৰে ভিতৰত ‘স্পটী’ নামৰ এটা মাইকী নাহৰফুটুকী বাঘৰ পোৱালি জনপ্ৰিয় হৈ পৰিছিল । অধিবেশন শেষ হোৱাৰ পাছত এই জীৱ-জন্তুবোৰৰ বাবে এখন চিৰিয়াখানাৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিছিল |

ফলত এই জন্তুবোৰ জাপৰীগোগৰ ১৩০ হেক্টৰ মাটিকালিৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰ কৰা হ’ল । ১৯৫৭ চনত প্ৰতিষ্ঠা হোৱা এই চিৰিয়াখানা ১৯৫৮ চনত দৰ্শকৰ বাবে মুকলি কৰা হয়। পাছলৈ চিৰিয়াখানাত এটা সংগ্ৰহালয় খোলা হয় । ১৯৮২ চনত ইয়াৰ এখন উদ্ভিদ উদ্যান স্থাপন কৰা হয় । ২০০২ চনত হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলৰ আৰু ৪৫ হেক্টৰ মাটি চিৰিয়াখানাত যোগ দিয়া হয় আৰু চিৰিয়াখানাৰ মাটি হৈ পৰে প্ৰায় ১৭৫ হেক্টৰ |

Exit mobile version