উৰ্দ্ধতম কৰ্তৃপক্ষৰ অৱহেলা: সীমিত সংখ্যক বনকর্মীৰে চলিছে ৰাণী সংৰক্ষিত বনাঞ্চল

WhatsApp Image 2020 08 01 at 9.30.55 PM

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তত অৱস্থিত ৰাণী সংৰক্ষিত বনাঞ্চলখন বৃটিছৰ দিনৰে পৰা ৰাজ্যৰ এখন অন্যতম বনাঞ্চল হিচাপে পৰিগণিত হৈ আহিছে । দীপৰ বিলৰ পৰা আৰম্ভ কৰি অসম-মেঘালয় সীমান্ত সামৰি প্ৰায় ৬,৬২৪ হেক্টৰ মাকিকালিৰে পৰিবেষ্টিত উক্ত বনাঞ্চল। শাল, চেগুন, আহু, কৰৈ, অক্টিম, মাকেৰিশালকে ধৰি বিভিন্ন মূল্যবান গছ-গছনিৰে ভৰা তথা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ বনাঞ্চলখন ।

উক্ত বনাঞ্চলখনত হাতী, নাহৰফুটুকী বাঘ, হৰিণ, বন গাহৰি, বনৰীয়া মুৰ্গী, অজগৰকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, মইনা, ভাটৌকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই আছে। বনাঞ্চল খনত বহু দুষ্পাপ্য প্ৰজাতিৰ উদ্ভিদ-জীৱ-জন্তু থকা সত্বেও অসম চৰকাৰৰ বনবিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষই বনাঞ্চলখনলৈ অৱহেলাৰ দৃষ্টিৰে চোৱাৰ অভিযোগ অঞ্চলবাসীৰ । এক সীমিত সংখ্যক বনকর্মীৰে চলিছে উক্ত বনাঞ্চলখন ।

বিশেষকৈ বনাঞ্চলখনৰ আয়তন আৰু ভৌগলিক জটিলতাৰ বাবে যিমান সংখ্যক বনকৰ্মী নিয়োগ হ’ব লাগিছিল সেয়া আজিলৈ হৈ উঠা নাই। এনেক্ষেত্ৰত বনাঞ্চলত পহৰা দিয়া কাৰ্যত বাধাৰ সৃষ্টি হোৱাৰো অভিযোগ উঠিছে । ৰাণী বনাঞ্চলৰ অধীনৰ শুকুৰবৰীয়া, জয়পুৰ, নালাপাৰা, গাৰোপাৰা, চেঁচা, সজ্জনপাৰা , হাতীমৰাঘুলি আদি খণ্ড বন কাৰ্যালয়ত মাত্ৰ দুজন বা তিনিজন বনকৰ্মীহে নিয়োজিত হৈ আছে ।

এই সন্দৰ্ভত ৰাণী বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মনে কয় “প্ৰয়োজনতকৈ কিছু কম সংখ্যক বনকর্মীৰে আমি বনাঞ্চলখন চলাব লগা হোৱাত কিছু অসুবিধাৰ সৃষ্টি হৈছে। অৱশ্যে ঊৰ্ধতম কৰ্তৃপক্ষক এই অভাৱৰ কথা জনোৱা হৈছে।” তেওঁ লগতে কয় যে বনাঞ্চল খনৰ অধীনত থকা শুকুৰবৰীয়া আৰু গাৰোপাৰাত খণ্ড বন কাৰ্যালয়ত দুজনকৈ আৰু চেঁচা, নালাপাৰা আৰু সজ্জনপাৰা খণ্ড বন কাৰ্যালয়তত মাত্ৰ তিনিজনকৈ বনকর্মী নিয়োজিত হৈ আছে। বনাঞ্চল খনৰ মুখ্য কাৰ্যালয়ত ৰেঞ্জৰ, চতুৰ্থবৰ্গৰ কৰ্মচাৰীকে ধৰি মুঠ ১২ জন লোক নিয়োজিত হৈ আছে ।

উক্ত বনাঞ্চল খনত তহল দিবলৈ বাহন মাত্ৰ এখন। ফলত সীমিত সংখ্যক বনকৰ্মীয়ে নিজৰ জীৱনক তুচ্ছ কৰিও বনাঞ্চলখন পহৰা দি থকা বুলি বনাঞ্চলিক বিষয়া বৰ্মনে জানিবলৈ দিয়ে। কম সংখ্যক বনকর্মীৰ সুযোগ গ্ৰহণ কৰি সময়ে সময়ে দুষ্কৃতিকাৰীৰ লক্ষ্য হৈ পৰিছে উক্ত বনাঞ্চলখন। এই ক্ষেত্ৰত বন বিভাগক অতি শীঘ্ৰে উপযুক্ত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে।

Exit mobile version