কৰ’নাৰ প্ৰকোপঃ তলাবন্ধ শিথিল কৰাৰ পক্ষপাতী নহয় প্ৰধানমন্ত্ৰী ব’ৰিছ জনছন

boris johnson brexit deal agreed 1571307344

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জ’নছনে দেশখনত তলাবন্ধ ক্ষেত্ৰত হ’বলগীয়া শিথিলতাৰ সন্দৰ্ভত আশংকা ব্যক্ত কৰিছে ৷ প্ৰধানমন্ত্ৰী জ’নছনে আশংকা ব্যক্ত কৰে যে যদিহে তলাবন্ধৰ শিথিল কৰা হয় তেন্তে ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব দেশখনত ৷ ইপিনে দেশখনত এই সপ্তাহতে তলাবন্ধ শিথিল কৰি দিয়াৰ কথা আছিল  ৷

জনছনে লণ্ডনৰ টাউনিঙ ষ্ট্ৰীটত এখন সংবাদমেল সম্বোধন কৰি কয় “আমি কৰ’না ভাইৰাচক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সকলো ধৰণৰ নীতি নিয়ম মানি চলিব লাগিব ৷” প্ৰধানমন্ত্ৰী জনছন লগতে কয় যে পৰিবহন আৰু ছবিগৃহৰ ওপৰিও সকলো ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো হ’ব বাধ্যতামূলক। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ তথ্যৰ কথা সদৰী কৰি জনছনে কয় “বিট্ৰেইনত মে’ৰ পিছত প্ৰথমবাৰৰ কাৰণে সামাজিক সংক্ৰমণৰ আশংকা কৰা হৈছে ।”

বিট্ৰেইনত কৰ’না ভাইৰাছ সম্প্ৰতি হ্ৰাস পাবলৈ আৰম্ভ হোৱাৰ লগতে মৃত্যুৰ সংখ্যাও কমিছে। লগতে কিছুমান ইউৰোপীয় দেশে কৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে যদিও নিয়ন্ত্ৰণ কৰিব পৰা নাই । কিন্তু ব্ৰিটেইনত লকডাউনে কৰ’নাৰ সংক্ৰমণ বহু পৰিমাণে সীমিত কৰিলে । প্ৰধানমন্ত্ৰী সকলোকে পৰিস্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সজাগ হোৱাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান কৰে  ৷

Exit mobile version