নতুন শিক্ষা নীতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ কনফাৰেন্স

77271122

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথ’ন ২০২০ ত এক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশ লয় ৷ এই ভিডিঅ’ কনফাৰেন্সত অংশ লৈ মোদীয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কয় যে নতুন শিক্ষা নীতিয়ে সমগ্ৰ ভাৰতৰ সপোনক সাঙুৰি ল’ব ৷ ইয়াত প্ৰতিটো ক্ষেত্ৰৰ লগতে প্ৰতিখন ৰাজ্যৰ বিদ্যানসকলক একত্ৰিত কৰিব । এইয়া কেৱল পলিচি ডকুমেণ্টেই নহয় । এইয়া ১৩০ কোটি ভাৰতীয় আশাৰ ৰেঙনি ৷

মোদীয়ে কয় যে, সম্প্ৰতি একাংশ শিশুৱে অনুভৱ কৰে যে তেওঁলোকক কেৱল এটা বিষয়ৰ আধাৰতে শৈক্ষিক দক্ষতা জোখা হয় ৷ তেওঁলোকে পিতৃ মাতৃ বা সমাজৰ যিকোনো ব্যক্তিৰ কথা মতে এটা বিষয় লৈ পঢ়িব লগা হয়। ইয়াৰ পৰিণাম তেওঁলোকে সমগ্ৰ জীৱন কঢ়িয়াই লৈ ফুৰিব লগা হয় । এই সন্দৰ্ভত মোদীয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কয় এই হেকাথান কোনো সমস্যাক সমাধান কৰিবৰ কাৰণে প্ৰথম বা শেষবাৰৰ কাৰণে অনুষ্ঠিত হোৱা নাই । তোমালোকে শিক্ষণ অব্যাহত ৰাখা ৷ যেতিয়া তোমালোকে শিকিবা তেতিয়া তোমালোকে প্ৰশ্ন কৰিবা । যেতিয়া তোমালোকে প্ৰশ্ন কৰিবা তেতিয়া তোমালোকে নতুনত্বৰ সন্মুখীন হ’বা ৷ শিক্ষণে সমগ্ৰ জীৱন জুৰি বৰদানৰ দৰে কাম কৰে। কেৱল মুখস্থ বিদ্যাই জ্ঞান অৰ্জন কৰাত সহায় নকৰে। কেৱল এটা বিষয়ৰ ওপৰতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দক্ষতা নিৰ্ভৰ কৰিব নোৱাৰি ৷ আৰ্যভট্ট, লিয়’নাৰ্ড’ দ্য ভিঞ্চিয়ে নিজৰ পৰিচয় গঢ়িছে ৷ যে তেওঁলোক কোন ? ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীসকলেও নিজৰ পৰিচয় গঢ়িব পাৰিব লাগিব। এতিয়া যদি কোনোবাই বিচাৰে তেন্তে সংগীত আৰু গণিত একেলগে পঢ়িব পাৰিব । ড° বাবা চাহেব আম্বেদকাৰৰ মতে শিক্ষা এনেকুৱা হ’ব লাগে যাতে সকলোৰে কাৰণে সুলভ হয় ৷ এই নীতি তেওঁলোকৰ কাৰণে যিয়ে আমাৰ সকলোৰে দৃষ্টি সলনি কৰিব । যি কোনো এজন ব্যক্তিত আত্মনিৰ্ভৰশীল কৰাটোৱেই হৈছে আমাৰ প্ৰধান লক্ষ্য। দেশৰ যুৱ প্ৰজন্মক লৈ মই বহুত গৰ্ব কৰো ৷ তেওঁলোকে আযোগ্য সেতুৰ জৰিয়তে ক’ভিড ১৯ ট্ৰেকিঙৰৰ কাৰণে যথেষ্ট প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰ কৰিছে । তেওঁলোকে মেডিকেল বিভাগৰো বহু প্ৰয়ুক্তি আৱিষ্কাৰ কৰিছে । মোৰ অনুভৱ আমাৰ দেশৰ যুৱক যুৱতীসকলে সমাধান কৰিব নোৱাৰা বিষয়েই নাই । হেকাথ’নৰ জৰিয়তে বহু সমস্যাক সমাধান কৰা হৈছে । মই আশা কৰিছো ইয়াৰ পিছত সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব ৷

উল্লেখযোগ্য যে হেকাথ’ন হৈছে ছাত্ৰ ছাত্ৰীসকলে সততে সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ এটা অনুষ্ঠান। ইয়াৰ প্ৰথম এডিশ্যন হৈছিল ২০১৭ চনত । ইয়াত ৪২ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছিল ৷ ২০১৮ ত ১ লাখ আৰু ২০১৯ ত ২ লাখ ছাত্ৰ ছাত্ৰীয়ে অংশ লৈছিল ৷ চলিত বৰ্ষত অংশ লয় ৪.৫ লাখ ছাত্ৰ ছাত্ৰীয়ে।

Exit mobile version