পাঠশালাত দল-সংগঠনৰ দ্বাৰা ছহিদ প্ৰনয় কলিতাক শ্ৰদ্ধাঞ্জলি

148434 untitled 1 recovered

দেশ মাতৃৰ হকে প্ৰাণ বিসৰ্জন দি বজালী অঞ্চলক ধন্য কৰা বজালীৰ বীৰ ছহিদ প্ৰনয় কলিতাক অাজি সন্ধিয়া পাঠশালাৰ সকলো দল সংগঠন অাৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ আহ্বানত অনুষ্ঠিত বন্তি প্ৰজ্বলন অাৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰায় সকলো দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ বীৰ ছহিদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ যুব ছাত্ৰ পৰিষদৰ নেতা মৃদুল তালুকদাৰে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কাৰ্য্যসূচী মুকলি কৰে আৱাহন থিয়েটাৰৰ প্ৰয়োজক কৃষ্ণ ৰয়ে ৷

ADVERTISEMENT

ইয়াৰ পিছতে, পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা, পাঠশালা ৰঙালী বিহু সন্মিলনী, পাঠশালা বজাৰ কমিতি, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, পাঠশালা উদয়ন সংঘ, পাঠশালা ৰাস মহোৎসৱ সমিতি,  ভট্টদেৱ বিশ্ববিদ্যালয়  পাঠশালা প্ৰেছ ক্লাৱ, পাঠশালা প্ৰেছ গিল্ড, সমন্বয় ক্লাৱ, পাঠশালা সাহিত্য সভা, পাঠশালা শিল্পী সমাজ, যুব ছাত্ৰ পৰিষদৰ পূব হস্তিনাপুৰ, নিত্যানন্দ অাৰু সৰুপেটা অাৰু পাঠশালা আঞ্চলিক সমিতি য়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

উক্ত অনুষ্ঠানত কৃষ্ণ ৰয়ৰ উপৰি যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা বিজন বায়ন, মন্টু কুমাৰ শৰ্মা,  আছু নেতা বিশ্বজিৎ গাংগুলী, পাঠশালা বজাৰ কমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, সম্পাদক জিতেন তালুকদাৰ, বিশিষ্ট অধিবক্তা ধনজিৎ দাস, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা পৰাগ বৰ্মন, ৰঙালী বিহু সন্মিলনীৰ দিগন্ত তালুকদাৰ অাৰু অসীম চৌধুৰী, কলিতা জনগোষ্ঠীৰ নেতা অনুপল দত্ত পাঠক, সমন্বয় ক্লাৱৰ অতুল শৰ্মা, উদয়ন সংঘৰ ৰুবুল শৰ্মা, দিলীপ কাকতি, যুব ছাত্ৰ পৰিষদৰ নেতা লক্ষ্যেশ্বৰ দাস, হীৰক তালুকদাৰ, নিপল ডেকা, প্ৰদীপ্ত তালুকদাৰ, প্ৰাক্তন যুব ছাত্ৰ পৰিষদৰ নেতা গৌতম শৰ্মা, দিগন্ত শৰ্মা, অৰূপ শৰ্মা অাৰু প্ৰাঞ্জল কলিতা, পাঠশালা প্ৰেছ ক্লাৱৰ সভাপতি কৈলাস চৌধুৰী অাৰু সাংবাদিক ৰানা ডেকা, হীৰেণ কলিতা আদি উপস্থিত থাকি ছহিদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আদি উপস্থিত থাকে ৷

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই যুব ছাত্ৰ পৰিষদৰ নেতা মৃদুল তালুকদাৰে কালি মন্ত্ৰী ভৱেশ কলিতাই ছহিদৰ নামেৰে যি পথ নামাকৰণ অাৰু পৰিয়ালৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দি যায় সেয়া অনতি পলমে কাৰ্য্যকৰী কৰাৰ বাবে মন্ত্ৰী তথা চৰকাৰক আহ্বান জনায় ৷

Exit mobile version