শালবাৰীৰ এলেঙামাৰীত বেঁকী নৈত অৰ্দ্ধউলংগ হৈ এবিএমছুৰ প্ৰতিবাদ

Salbari Protest 1 2588

আজি ঈদৰ দিনটোতে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰসন্থা চমুকৈ এবিএমছুৱে বেঁকী নৈৰ পানীত নামি অৰ্দ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ এবিএমছুৰ সভাপতি লাফিকুল ইছলামক তিনিবছৰ পূৰ্বে আজিৰ দিনটোতে কোকৰাঝাৰৰ তিতাগুৰীত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ৷ হত্যাৰ তিনি বছৰ উকলি যোৱাৰ পিছতো হত্যাকাৰীক আৰক্ষী প্ৰশাসনে আটক কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

বাক্সাৰ শালবাৰীৰ এলেঙামাৰীত এবিএমছুৰ বহু কেইগৰাকী কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বেঁকী নৈৰ পানীত নামি অৰ্দ্ধ উলংগ হৈ অসম চৰকাৰ হায় হায়, বিজেপি মুৰ্দাবাদ, লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়ক, এবিএমছু জিন্দাবাদ, লাফিকুল ইছলাম অমৰ হওক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

Exit mobile version