বৰাক উপত্যকাৰ বহু চৰ্চিত ব্যৱসায়িক কেলেংকাৰিৰ স’তে জড়িত আন এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্তজন হৈছে জয়দীপ দত্ত, যি শিলচৰৰ শ্ৰীকোনা প্ৰথম খণ্ডৰ বাসিন্দা। তাৰাপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা তেওঁক গ্ৰেপ্তাৰ কৰে।
বুধবাৰে কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজত কুমাৰ পাল (Rajat Kumar Paul)য়ে তাৰাপুৰ টাউন আউট পোষ্টত সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰে।
তেওঁ জনোৱা মতে, অভিযুক্ত জয়দীপ দত্তৰ বাসস্থান শিলচৰ থানা এলেকাৰ অন্তৰ্গত শ্ৰীকোনা প্ৰথম খণ্ডত অৱস্থিত।
অভিযোগ অনুসৰি, প্ৰায় ডেৰ বছৰ পূৰ্বে শ্বেয়াৰ বজাৰত উচ্চ লাভৰ প্ৰলোভন দেখুৱাই বিভিন্ন কৌশল অবলম্বন কৰি তেওঁ কেবাজনো লোকৰ পৰা প্ৰায় ৩৭ লাখ টকা সংগ্ৰহ কৰিছিল।
ইফালে, ভুক্তভোগীসকলৰ অভিযোগ অনুসৰি, বৰাক উপত্যকাৰ তিনিখন জিলাত প্ৰৱঞ্চনাৰ জৰিয়তে অভিযুক্তজনে কোটি কোটি টকা আত্মসাৎ কৰিছে।
তদন্তকাৰী সূত্ৰে জানিবলৈ দিয়া মতে, বিগত ডেৰ বছৰ ধৰি এই প্ৰকাৰে প্ৰায় ১৫ৰ পৰা ২০ কোটি টকা আত্মসাৎ কৰা হৈছে বুলি সন্দেহ কৰা হৈছে। ধন সংগ্ৰহ কৰাৰ পিছৰে পৰা জয়দীপ দত্ত পলাতক হৈ আছিল।
ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু অভিযুক্তজনক ইতিমধ্যে আদালতত হাজিৰ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে নিশ্চিত কৰা হৈছে।































