শুকুৰবাৰৰ দিনটোত অসম আৰক্ষীৰ ১২৬ জন বিষয়া-জোৱান কৰ’নাত আক্ৰান্ত

123597 coronavirus 2

কৰ’না বিৰোধী যুঁজৰ প্ৰথম শাৰী যোদ্ধা তথা অসম আৰক্ষীৰ ১২৬ জন বিষয়া-জোৱান পুনৰ শুকুৰবাৰে দিনটোত কৰ’নাত আক্ৰান্ত হৈছে | অসম আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি শুকুৰবাৰ পৰ্যন্ত মুঠ ১,৫৫২ জন বিষয়া-জোৱান ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১,০৮৬ জন সুস্থ হৈ উঠাৰ বিপৰীতে চাৰিজনে মৃত্যুক আঁকোৱালি লৈছে |

সুস্থ হৈ উঠা সকলৰ ভিতৰত ২৭৯ জন বিষয়া-জোৱানে পুনৰ কৰ্মক্ষেত্ৰত যোগদান কৰিছে | উল্লেখ্য যে, এই আক্ৰান্তসকলৰ ভিতৰত আছে ৰাজ্যিক সশস্ত্ৰ বাহিনী, জিলা কাৰ্যনিৰ্বাহক বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী বিষয়া-জোৱানৰ লগতে দেহৰক্ষী বাহিনীৰ জোৱান |

Exit mobile version