২৯ কোটি ঋণৰ ধনৰে ক্ৰয় কৰিলে গাড়ী-ৰিজ’ৰ্ট

Screenshot 2

কৰ’না সংকটে সংঘটিত কৰা ক্ষতিৰ নামত ঋণ লোৱা ধন জীৱন উপভোগ কৰাত উৰাই দিলে এজন মাৰ্কিন লোকে । লোকজনৰ নাম ডেভিড হিনছ ।ভাৰতীয় মুদ্ৰাৰ হিচাপত ২৯ কোটি টকাৰ ঋণ লৈছিল লোকজনে । ঋণৰ সমস্ত ধন বিলাসী গাড়ী, ৰিজ’ৰ্ট, সাজ-পোছাক আদি ক্ৰয়ৰ নামত ব্যয় কৰে । কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত লোকজনৰ ব্যৱসায়ত ক্ষতি হোৱাৰ অজুহাতৰে ঋণ লৈছিল লোকজনে ।

ডেভিডে ক্ষতিপূৰণৰ বাবে মুঠতে এশ কোটি ২৫ লাখ ৮৮ হেজাৰ টকাৰ ঋণৰ আবেদন দাখিল কৰিছিল । কিন্ত ডেভিডে দাখিল কৰা অধিক সংখ্যক নথি -পত্ৰই আছিল ভুৱা । নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মী সকলৰ দৰমহাৰ ক্ষেত্ৰত ভুৱা নথি-পত্ৰ দাখিল কৰে লোকজনে । মাৰ্কিন যুক্তৰাষ্ট্ৰত কৰ’নাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক পিছেক প্ৰ’টেকছন প্ৰ’গ্ৰেম নামৰ আঁচনিৰ জৰিয়তে ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰে সুবিধা গ্ৰহণ কৰি ডেভিড হিনছে ২৯ কোটি টকাৰ ঋণ লাভ কৰে । লোকজনে ঋণৰ ধনেৰে দুই কোটি ৩৭ লাখ ৮৭হেজাৰ টকাৰ এখন লেম্বৰমিনি হুৰাকান ২০২০ ক্ৰয় কৰে ।

তদুপৰি মিয়ামিত সাগৰৰ উপকূলত এখন ৰিজ’ৰ্ট লগতে বহু বিলাসী সামগ্ৰী ক্ৰয় কৰে । কিন্ত অতি সোনকালেই মাৰ্কিন প্ৰশাসনৰ চকুত পৰে এনেদৰে ব্যয় কৰাটো । ইয়াৰ পাছতে কৰা তদন্তত সকলো কথা পোহৰলৈ আহে ।ইতিমধ্যে লেম্বৰমিনি খন জব্দ কৰে প্ৰশাসনে । একাধিক ধাৰাৰ বিপৰীতে পঞ্জীয়ন কৰা গোচৰত এতিয়া অতি শীঘ্ৰেই ডেভিডৰ বিৰুদ্ধে আদালতত আৰম্ভ হ’ব বিচাৰ প্ৰক্ৰিয়া ।

Exit mobile version