৯৯ বছৰীয়া আইতা এতিয়া সকলোৰে কাৰণে প্ৰেৰণাৰ উৎসঃআইতাৰ নাম গিনীজ বুকত

IMG 20200801 WA0014
কেলিফৰ্ণিয়াৰ ৯৯ বছৰীয়া এগৰাকী বৃদ্ধা ৷ কিন্তু ৯৯ বছৰীয়া ৰাবিনা এষ্টীক বয়সে হাৰ মনাব পৰা নাই । কাৰণ যি বয়সত একাংশ লোকে শয্যাগত হৈ বা আৰামত নিজৰ জীৱন অতিবাহিত কৰে তেনে  বয়সত ৰাবিনা এষ্টী পৰিগণিত হৈছে বিশ্বৰ আটাইতকৈ বয়স্ক পাইলট হিচাপে ।
ৰাবিনাৰ নাম ইতিমধ্যে গিনীজ বুক ৱৰ্ল্ডটো সন্নিবিষ্ট হৈছে । শেহতীয়াকৈ মিউনিচিপেল এয়াৰপৰ্টত ৰাবিনা এষ্টীয়ে নেক্সজেন ফ্লাইট একাডেমিৰ কাৰণে অন্তিম বাৰৰ বাবে বিমান চলাই । ইয়াৰ লগে লগে ৰাবিনা এষ্টিক বিশ্ব আটাইতকৈ জ্যেষ্ঠ পাইলট হিছাপে সন্মানিত কৰে গিনীজ বুক ৱৰ্ল্ডে ৷
এই বিশেষ সন্মানৰ পিছত ৰাবিনাই কয় “বয়সষ্ঠ লোকসকলো যে শক্তিশালী, গুৰুত্বপূৰ্ণ আৰু দেশৰ কাৰণে যোগদান দিবলৈ বয়স যে কেতিয়াও হেঙাৰ নহয় সেয়াই মই দেখুৱাব বিচাৰো ।” উল্লেখযোগ্য যে ৰাবিনা এষ্টিৰ পূৰ্বতে জ্যেষ্ঠ পাইলট হিচাপে আমেৰিকাৰ ৯৮ বছৰীয়া আয়োৱা প্ৰান্তৰ নাম গিনীজ বুকত আছিল ।
ADVERTISEMENT
Exit mobile version