ৰিয়া চক্ৰৱৰ্তীৰ  বিৰুদ্ধে বিস্ফোৰক অভিযোগ

Rhea Chakraborty threat case 759

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক লৈ বিহাৰ পুলিছে “দিল বেছাৰা”ৰ সকলো কলাকুশলীৰ লগত মত বিনিময় কৰিব । ইতিমধ্যে বিহাৰ আৰক্ষীয়ে ছবিখনৰ পৰিচালক মুকেশ চাব্ৰাক জেৰা কৰিছে । বিহাৰ আৰক্ষীয়ে জানিব বিচাৰিছে যে ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত সুশান্তৰ ব্যৱহাৰ কেনেধৰণ আছিল । লগতে ৰিয়া চক্ৰৱৰ্তী আৰু সুশান্তৰ সম্পৰ্কৰ বিষয়েও আৰক্ষীয়ে জানিব বিচাৰিব ‘দিল বেচাৰা’ত সুশান্তৰ লগত অভিনয় কৰা কলাকুশলীসকলৰ পৰা ।

এক বিশেষ সূত্ৰৰ মত অনুসৰি ‘দিল বেচাৰা’ ছবিত অভিনয় কৰা চাহিল বেদৰ উপৰিও সুশান্তৰ নতুন ড্ৰাইভাৰ আৰু কৰ্মচাৰীসকলকো জেৰা কৰিব আৰক্ষীয়ে । লগতে ‘দিল বেচাৰা’ৰ অভিনেত্ৰী সঞ্জনা সাংঘীৰ লগতো ফোনত কথা-বতৰা হ’ব পাৰে আৰক্ষীৰ ৷ সঞ্জনা সম্প্ৰতি পৰিয়ালৰ লগত দিল্লীত আছে ।

আনহাতে বিহাৰ আৰক্ষীৰ প্ৰশ্ন মানসিকভাৱে অসুস্থ সুশান্তে নতুন নতুন ছবিৰ কাহিনীৰ ওপৰত আলোচনা কেনেকৈ কৰিছিল? ইফালে বিহাৰ পুলিছে শুক্ৰবাৰে সুশান্তৰ হাউচ কিপাৰ আৰু ব্যক্তিগত একাউণ্ট চোৱা চিতা কৰা এজন বেংকাৰক সোধ পোচ কৰে ।

এক বিশেষ সূত্ৰৰ মতে সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ অনুমতি অবিহনে অভিনেতাজনৰ ঘৰত কোনেও প্ৰবেশ কৰিব নোৱাৰিছিল লগতে সুশান্তৰ লগত কথাও পাতিব নোৱাৰিছিল ৷ আনহাতে বিহাৰ পুলিছে সুশান্তৰ বাসগৃহত গৈয়ো তদন্ত কৰে । সুশান্তৰ ঘৰত কাম কৰা কৰ্মচাৰী, ওচৰ-চুবুৰীয়াসকলৰ পৰাও তথ্য সংগ্ৰহ কৰে বিহাৰ আৰক্ষীয়ে ।

ইপিনে সুশান্তৰ মৰণোত্তৰ পৰীক্ষা কৰোৱা কুপৰ মিউনিচিপেল হস্পিতালত গৈয়ো বিহাৰ আৰক্ষীয়ে তদন্ত কৰে ৷ অৱশ্যে চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ বিষয়ে একো তথ্য দিয়া নাই । চিকিৎসকৰ মন্তব্য যে ইতিমধ্যে মুম্বাইৰ পুলিচক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়া হৈছে ৷ তেওঁলোক মুম্বাইৰ আৰক্ষীৰ পৰা মৰণোত্তৰ প্ৰতিবেদন ল’ব পাৰে ।

বিহাৰ পুলিচৰ মত অনুসৰি দিল বেচৰা পৰিচালক মুকেশ চাব্ৰাই কয় “ডেৰ বছৰৰ পৰা এই ছবিখনৰ দৃশ্যগ্ৰহণ হৈ আছে ৷ ইয়াৰ পিছত এডিটিঙৰ কাম হয় । তেতিয়া সুশান্ত ঠিকেই আছিল । কিন্তু যেতিয়া ৰিয়া চক্ৰৱৰ্তী সুশান্তৰ জীৱনলৈ আহিল তেতিয়া অভিনেতাজনৰ লাইফ সলনি হৈ গ’ল ৷ সম্প্ৰতি বিহাৰ পুলিচে চাৰিটা তথ্যৰ ওপৰত ভিত্তি কৰি তদন্ত কৰিছেঃ

১. সুশান্তৰ বেংকৰ একাউণ্টত কিমান টকা আছিল ৷ আৰু এই টকা ক’ত আৰু কিয় ট্ৰান্সফাৰ হ’ল ৷

২. ৰিয়া চক্ৰৱৰ্তীৰ ভূমিকা কি? লগতে ১৫ কোটি টকাক লৈ ৰিয়াৰ কোম্পানীক তদন্ত কৰিব বিহাৰ আৰক্ষীয়ে ৷

৩. সুশান্ত হতাশাত ভূগা কথাটো কিমান সত্য?

৪. এই সমগ্ৰ ঘটনাটোৰ বিষয়ে সুশান্তৰ ঘনিষ্ঠই কি কয় ?

Exit mobile version