- ভাৰতৰ পিছতে এইবাৰ আমেৰিকাত আৰম্ভ হৈছে চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক ৷ শুক্ৰবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সদৰী কৰে যে অচিৰেই চীনত বন্ধ হ’ব জনপ্ৰিয় চীনৰ এপ টিকটক । ইয়াৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা অব্যাহত ৰাখিছে ট্ৰাম্পে ।
১৫ আগষ্টলৈকে অসমত সোমবাৰ আৰু মংগলবাৰে খোলা থাকিব আন্তঃজিলা যাতায়ত ৷ উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিয়া তলাবন্ধৰ মাজতে অসমত ইতিমধ্যে আনলক-৩ আৰম্ভ হৈছে ৷
- বিগত ২৪ ঘন্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ৫৭ হাজাৰ ১১৭ গৰাকী লোক ৷ মৃত্যু হৈছে ৭৬৪ জন ৷ উল্লেখযোগ্য যে ভাৰতত ইতিমধ্যে কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১৬ লাখৰ ঘৰ অতিক্ৰম কৰিছে । সুস্থ হৈছে ১০ লাখ ৯৪ হাজাৰ ৫৭৪ গৰাকী ।
- জম্মু কাশ্মীৰক পুঞ্চ চেক্টৰত পাক সেনাই যুদ্ধ বিৰতি উলংঘন কৰিছে । পাক সেনাৰ গুলীত নিহত হৈছে এগৰাকী ভাৰতীয় সেনা জোৱান। ইয়াৰ বিপৰীতে ভাৰতীয় সেনাইও উচিত প্ৰত্যুত্তৰ দিয়ে পাক সেনাক ।
- ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে ৪০ হাজাৰৰ ঘৰ ৷ ইয়াৰ মাজতে তেজপুৰত ১৭১ গৰাকী কয়দী আক্ৰান্ত হৈছে কৰ’নাত । আনহাতে তেজপুৰত কৰ’নাত আক্ৰান্ত হৈছে ১৩৩৭ জন লোক ।
- অসম আৰু বিহাৰৰ বানাক্ৰান্তৰ কাৰণে বিৰাট কোহলীয়ে নিজৰ চহী থকা বেট আৰু ৰিদ্ধিমান সাহাৰ লগতে আন বহুকেইজন ক্ৰিকেটাৰে টেষ্ট জাৰ্চি নিলামত দিছে ৷ সেই ধনেৰে তেওঁলোকে সহায় কৰিব ৰাজ্য দুখনৰ বানাক্ৰান্তক ।
ADVERTISEMENT