পশ্চিম কাৰ্বি আংলঙৰ মাইলুত মহিলাৰ মৃতদেহ উদ্ধাৰ

suicide representation

পশ্চিম কাৰ্বি আংলঙৰ মাইলুৰ নাৱাইবিলত আজি মহিলাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয় । মাইলু উপ-আৰক্ষী চকীৰ অন্তৰ্গত ১ নম্বৰ নাৱাইবিল গাঁওস্থিত ষঠ পূজা ঘাটৰ কপিলী নৈত উদ্ধাৰ হয় মৃতদেহটো । মৃত মহিলাগৰাকী চাৰি নম্বৰ নাৱাইবিল গাওঁৰ উৰ্মিলা দেৱীৰ (২০) বুলি ইতিমধ্যে চিনাক্ত কৰিছে মহিলাগৰাকীৰ পিতৃ আৰু আৰক্ষীয়ে।

কিছুদিন পূৰ্বে ১ নম্বৰ নাৱাইবিলৰ বিনোদ চৌহানৰ পুত্ৰ অনিল চৌহানৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল উৰ্মিলা দেৱী । অনিল চৌহানৰ সৈতে প্ৰথমে প্ৰেম আৰু পাছত দুয়োৰে মাজত হৈছিল সামাজিক বিবাহ। কিন্তু উল্লেখযোগ্য যে যোৱা শুক্ৰবাৰৰ পৰা স্বামীগৃহৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী ।

আৰু আজি পুৱা প্ৰায় ৮ মান বজাত হঠাৎ কপিলী নৈৰ পানীত উদ্ধাৰ হয় উৰ্মিলাৰ মৃতদেহ । গুৰুত্বপূৰ্ণ যে মৃতদেহ উদ্ধাৰৰ পাছতেই স্থানীয় ৰাইজে মহিলাগৰাকীক কোনো লোকে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে  আৰক্ষীয়ে।

Exit mobile version