বিশ্বৰ শক্তিশালী দেশসমূহৰ অৰ্থনীতি নামিছে গভীৰলৈ

Screenshot 6

কৰ’নাৰ আঘাত যে লাগিব সেই কথা সকলোৱে জানিছিল; কিন্তু ইয়াৰ ভয়াবহতা কিমান হ’ব, সেয়া চোৱাৰ বাবে সমগ্ৰ বিশ্ব আগ্ৰহী হৈ আছিল । বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ মিলাই যেতিয়া বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশে এপ্ৰিল-জুনৰ জি ডি পি বা সামগ্ৰিক বৃদ্ধিৰ হাৰৰ পৰিসংখ্যা প্ৰকাশ কৰিলে, তেতিয়াই দেখা গ’ল যে আমেৰিকা, জাৰ্মান বা স্পেইনৰ দৰে কোনো দেশৰ ক্ষেত্ৰত জি ডি পি কমৰ হাৰ ইতিহাস ত সৰ্বাধিক । ইয়াৰ বিপৰীতে ইটালীৰ ৩০ শতাংশ বৃদ্ধি প্রায় নোহোৱাই হৈ পৰিছে ।

ADVERTISEMENT

কৰ’না ভাইৰাছৰ হতে যুজঁ কৰিবলৈ জানুৱাৰীৰ পৰাই তলাবন্ধত চীনৰ প্রায় সকলোবোৰ স্তব্ধ হৈ পৰিছিল । তাৰ পাছতে সংক্ৰমণৰ বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি পৰে। যাৰ বাবে প্ৰায় মাৰ্চৰ মাজভাগলৈকে অধিকাংশ দেশৰে আৰ্থিক কাৰ্যকলাপ বন্ধ হৈ আছিল । বিশেষকৈ স্পেইন, ইটালী, ফ্ৰান্সৰ দৰে ইউৰোপৰ দেশত সংক্ৰমন যিমান বৃদ্ধি পাইছিল, সিমানেই গৃহবন্দী হৈ পৰিছিল দেশ কেইখনৰ নাগৰিক । সকলো মিলাই প্ৰায় তিনিমাহ মানুহৰ আর্থিক কাৰ্যকলাপ বন্ধ হৈ পৰে । যাৰ বাবে এপ্ৰিলৰ পৰা জুন পৰ্যন্ত এই তিনি মাহত উজুটি খাই পৰিছিল আমদানি ৰপ্তানি বা কল কাৰখানাৰ উৎপাদন । মুখ থেকেছা খাই পৰে সমগ্ৰ বছৰটোতে পৰ্যটক থকা দেশসমূহৰ হোটেল, পৰ্যটন ,বিমান,ৰেষ্টুৰেণ্ট আদিৰ সেৱা । যাৰ প্ৰকোপত ফ্ৰান্সৰ জি ডি পি হ্ৰাস পাইছে প্রায় ১৪ শতাংশ ।

সেইদৰে ইটালীৰ ১২.৪শতাংশ, স্পেইনৰ ১৮.৫শতাংশ তথা ইউৰোপৰ বৃহত্তম অৰ্থনীতি জাৰ্মানৰ ১০.১ শতাংশ জি ডি পি হ্ৰাস পাইছে । আনহাতে, ১৯খন দেশৰ ইউৰোপিয় অঞ্চল(যাৰ মুদ্ৰা হৈছে ইউৰ)ক ধৰিলে সেই অংক হয় ১১.৯ শতাংশ । ২৭ খন দেশৰে গঠিত ইউৰোপীয় ইউনিয়নৰ অৰ্থনীতি হ্ৰাস পাইছে ১২ শতাংশৰ অধিক । আকৌ আমেৰিকাৰ অৰ্থনীতিয়ে জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰতে ক্ষতিৰ সম্মুখীন হৈছিল । জি ডি পি কমিছিল পাঁচ শতাংশ ।

তাৰ পাছতে কৰ্ণৰ আক্ৰমণৰ পাছতে যোৱা বছৰৰ এপ্ৰিলৰ পৰা জুনৰ তুলনাত চলিত বৰ্ষৰ উক্ত তিনিটা মাহত জি ডি পি প্রায় ৩৩.৯শতাংশ লৈ কমে । ইয়াৰ পূৰ্বে ১৯৫৮ ত আমেৰিকাৰ জি ডি পি শতাংশৰ ১০ বেছি নামিছিল । সেয়াই আছিল ইমানদিনৰ অভিলেখ, যি চলিত বছৰত ভংগ হল।নিজৰ সাফল্য হিচাপে প্রায়ে অৰ্থনীতিৰ উজ্জল চিত্ৰ এখনকে দাঙি ধৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ।

কিন্তু বিগত মাৰ্চৰ পৰা প্রায় প্ৰতি সপ্তাহত ১০ লাখৰ অধিক কাম হেৰুওৱা লোক আৰু অৰ্থনীতিৰ এই অভাৱনীয় পতনে নৱেম্বৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পৰ কপালৰ ভাজ অধিক গভীৰ কৰিব বুলিয়ে বিশেষজ্ঞসকলে ধাৰণা কৰিছে । এতিয়া অৰ্থনীতি লৈ প্ৰাণ ঘূৰাই অনাৰ বাবে ত্ৰাণৰ সুফল দেখাৰ আশাত সকলোৱে অপেক্ষা কৰি আছে ।

Exit mobile version