আজিৰে পৰা আৰম্ভ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা

SmartSelect 20200507 201856 UC Browser

আজিৰে পৰা আৰম্ভ হব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী- সেৱা । সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে জল পৰিবহন বিভাগে । ২২জুনৰ পৰা বন্ধ হৈ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী সেৱা ।

কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী যাত্ৰীয়ে মাস্ক পিন্ধাতো বাধ্যতামূলক কৰিছে জল পৰিবহন বিভাগে । তাৰোপৰি ফেৰীসমূহে অত্যাৱশকীয় সামগ্ৰীৰ লগতে অতিৰিক্ত যাত্ৰী কঢ়িয়াব নোৱাৰিব বুলিও নিৰ্দেশ প্ৰদান কৰে জলপৰিবহন বিভাগে ।

অন্যহাতে, কুৰুৱা-গুৱাহাটীতো আজিৰে পৰা আৰম্ভ হয় ফেৰী সেৱা  । কুৰুৱা-গুৱাহাটী সেৱাত আজি যথেষ্ট কম সংখ্যক যাত্ৰী ফেৰীত চলাচল কৰা দেখা যায় ।একেদৰে দৰে গুৱাহাটী-ৰজাদুৱাৰ ঘাটতো যথেষ্ট কম সংখ্যক যাত্ৰীৰে ফেৰী চলাচল কৰা দেখা যায় ।

 

Exit mobile version