কৰ’নাত আক্ৰান্ত অমিত শ্বাহে বুধবাৰে অংশ লৈছিল কেবিনেট বৈঠকত

shah 1596382855

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আক্ৰান্ত হৈছে কৰ’নাত ৷ তেওঁক হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন চিকিৎসালয়ল ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি টুইটাৰ যোগে গৃহমন্ত্ৰী শ্বাহে স্বাস্থ্য অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিছে । লগতে চিকিৎসকৰ তত্ত্বাৱধানত আছে বুলিও সদৰী কৰিছে  ৷ আনহাতে দেওবাৰে দেশত কৰ’নাত আক্ৰান্ত ১৭ লাখলৈ বৃদ্ধি পাইছে ৷

উল্লেখ্য যে, অমিত শ্বাহে বুধবাৰে এক কেবিনেট বৈঠকত অংশ লৈছিল, তাত অমিত শ্বাহৰ সংস্পৰ্শলৈ অহা সকলক আইছ’লেছনত ৰখা হ’ব ৷ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে কেন্দ্ৰৰ শীৰ্ষমন্ত্ৰীসকল উপস্থিত আছিল। সামাজিক সুৰক্ষা মানি চলি কেতবোৰ গুৰুত্বপূৰ্ণ নীতি-নিয়ম মানি চলি বৈঠকখন অনুষ্ঠিত কৰা হৈছিল , য’ত ৰাষ্ট্ৰীয় শিক্ষা নীতিক অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল ।  কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে টুইট যোগে জনায় যে “কৰ’না ভাইৰাছৰ প্ৰাথমিক লক্ষণ থকাত মই পৰীক্ষা কৰিলো । আৰু ফলাফল পজিটিভ আহিছে ৷ চিকিৎসকৰ পৰামৰ্শমতে মই সম্প্ৰতি চিকিৎসালয়ত ৷ মোৰ স্বাস্থ্য ভালেই। মোৰ সম্পৰ্কলৈ অহা লোকসকলক ছেল্ফ আইছ’লেছনত থাকিবলৈ আহ্বান কৰিছো ৷”

সূত্ৰত প্ৰকাশ যে, কেবিনেট বৈঠক অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰী আৱাসগৃহত কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে কেতবোৰ নীতি নিয়ম ভালদৰে পালন কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায়সংখ্যক বৈঠক বৰ্তমান অনলাইনতে অংশগ্ৰহণ কৰে যদিও কেবিনেট বৈঠক ভাৰ্চুৱেল ভাৱে অনুষ্ঠিত কৰা নহয়।

আনহাতে, কৰ’না বহু ৰাজনৈতিক ৰথী মহাৰথী আক্ৰান্ত হৈছে । কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আক্ৰান্ত হৈছিল কৰ’নাত ৷ ন দিন চিকিৎসালয়ত থকাৰ পিছত তেওঁ বৰ্তমান সুস্থ ৷ তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতো আক্ৰান্ত হৈছে কৰ’নাত ৷ তেওঁ বৰ্তমান চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখযোগ্য যে টুইটাৰ যোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আশু আৰোগ্য কামনা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

Exit mobile version