অনাগত তিনিবছৰত সম্পূৰ্ণ হৈ উঠিব ৰাম মন্দিৰ

a95118d3 0367 43bd a82f 86ff106ae94a

আৰু কেইটামান ঘন্টাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজন কৰিব ৷ আজি ৰাম মন্দিৰৰ মডেলৰ ছবি প্ৰকাশ পাইছে ৷ ১৬১ ফুট ৰাম মন্দিৰটোৰ পাঁচটা মণ্ডপৰ লগতে এটা মূখ্য শিখৰ আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি অযোধ্যাৰ প্ৰত্যেকটো কোণৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব ৰাম মন্দিৰক ৷

১৯৮৯ চনতেই ৰাম মন্দিৰৰ মডেল নিৰ্মাণ কৰা হৈছিল । প্ৰায় চাৰে তিনিবছৰত এই মন্দিৰটো সম্পূৰ্ণ হৈ উঠিব ৷ ৰামমন্দিৰৰ নক্সা তৈয়াৰ কৰা আৰ্কিটেক্ট নিখিল সোমপুৰাই কয় যে মন্দিৰৰ লগত ৬৭ একৰ ভূমি থাকিব ৷ কিন্তু মন্দিৰটো ২ একৰ ভূমিতহে নিৰ্মাণ হ’ব ৷ বাকী ৬৫ একৰ ভূমিত মন্দিৰৰ পৰিসৰ বিস্তাৰিত হ’ব ।

আনহাতে ৰাম মন্দিৰৰ নিৰ্মাণ কৰা ভূমিৰ তলভাগ পৰীক্ষা কৰা হ’ব যে মন্দিৰৰ ওজন ল’বৰ কাৰণে সেই ভূমিভাগ উৎকৃষ্ট হয় নে নহয় ৷ মন্দিৰত সিংহদ্বাৰ, ৰংগ মণ্ডপ, নৃত্য মণ্ডল, পূজা কক্ষ আৰু গৰ্ভ গৃহকে ধৰি পাঁচটা মণ্ডপ থাকিব ৷ সমগ্ৰ মন্দিৰটো নিৰ্মাণ কৰিবৰ কাৰণে ১.৭৫ লাখ ঘনফুটৰ পাথৰ প্ৰয়োজন হ’ব ৷

মুখ্য মন্দিৰৰ চাৰিওকাষে থাকিব সীতা, লক্ষ্মণ, ভৰত আৰু ভগৱান গণেশৰ মন্দিৰ । ৭০ একৰ ভূমিৰ তিনি একৰ ভূমিত মন্দিৰ আৰু কৰিড’ৰ হ’ব। ইয়াৰোপৰি ৬৭ একৰ ভূমিত বহু মিউজিয়াম, সীতা, লক্ষ্মণ, ভৰত আৰু ভগৱান গণেশৰ মন্দিৰ নিৰ্মাণ হ’ব ৷

Exit mobile version