উলুবাৰীত পাইপ ফাটি পৌৰনিগমৰ পানীৰ অপচয়

ulubari

মহানগৰীৰ উলুবাৰী উৰণীয়া সেঁতুৰ তলত পৌৰনিগমৰ এডাল পাইপ ফটাত যথেষ্ট পৰিমাণৰ পানী অপচয় হোৱা পৰিলক্ষিত হৈছে ৷ বিগত কিছুদিনৰ পৰা এই পাইপডাল ফটাৰ বাবেই প্ৰতিদিনে পথচোৱাত পানী উপচি পৰা দেখিবলৈ পায় পথচাৰীৰ লগতে অঞ্চলবাসী ৰাইজে ৷ আজি পুৱাৰ ভাগত পৌৰনিগমে পানী দি থকা অৱস্থাত যথেষ্ট পৰিমাণৰ পানী পথচোৱাৰে বাগৰি গৈছে ৷

একাংশ ৰাইজে প্ৰত্যেক্ষ কৰি সংবাদ মাধ্যমক অৱগত কৰে ৷ যিটো সময়ত গুৱাহাটী পৌৰনিগমে ৭০ শতাংশ গুৱাহাটীৰ নাগৰিকৰ পানী যোগান ধৰিব পৰা নাই, বিভিন্ন অঞ্চলত এটুপি পানীৰ বাবেই হাহাকাৰ কৰিবলগীয়া হয় তেনেস্থলত এনেকৈ পানীৰ অপচয় হোৱা একাংশ নাগৰিকে সহজভাৱে ল’ব পৰা নাই ৷ এই পাইপডালৰ লগত সংযোগী পৰিয়াল সকলে পৰ্যাপ্ত পানীৰ পৰা বঞ্চিত হৈছে সেয়া নিশ্চিত, কিয়নো ফুটা পাইপডালেৰে এনেকৈ পানী বাহিৰলৈ ওলাই গৈ আছে ৷

তৎসত্বেও কাণসাৰ নাই গুৱাহাটী পৌৰনিগমৰ ৷ মাত্ৰ কেইমাহমান আগতে পথচোৱা নিৰ্মাণ কৰা হৈছিল ৷ এনেকৈ যদি প্ৰতিদনে পানীৰে পথচোৱা উপচি থাকে, তেন্তে পথচোৱা জৰাজীৰ্ণ অৱস্থালৈ পৰ্যবসিত হ’ব সেয়া নিশ্চিত ৷ সেয়ে শীঘ্ৰেই ফটা পাইপডাল মেৰামতি কৰিবলৈ অঞ্চলবাসী ৰাইজে আহ্বান জনাই পৌৰনিগম কৰ্তৃপক্ষক ৷

Exit mobile version