নিজক প্ৰায় ৬৪ কোটিৰ গাড়ী উপহাৰ দিলে ৰোণাল্ডোৱে

twitter

বিলাসী গাড়ীৰ প্ৰতি বিশেষ দুৰ্বলতা আছে পৰ্টুগালৰ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ ।ৰোণাল্ডোৰ বিয়াগোম গেৰেজটো ভৰি আছে অতি দামী তথা বিলাসবহুল গাড়ীৰে।সেই অত্যাধুনিক গাড়ীৰ সংগ্ৰহৰ তালিকাতে আন এখন অতি দামী বাহনৰ সংযোজন ঘটালে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ জনে ।

ইটালীৰ ছিৰি-এ ফুটবল লীগত জুভেন্টাছ পুনৰ চেম্পিয়ন হোৱাৰ মূলতে আছিল পৰ্তুগীজ মহাতাৰকাজনৰ অসাধাৰণ প্ৰদৰ্শন ।চলিত বৰ্ষত ক্লাবে পুনৰ খিতাপ জয় কৰাৰ পুৰস্কাৰস্বৰূপেই ৰোণাল্ডোৱে অতি সীমিত সংস্কৰণৰ বুগাট্টি চেন্ট’ডিয়েচি গাড়ী নিজক উপহাৰ দিয়ে ।

নতুনকৈ নিৰ্মাণ কৰা হাইপাৰকাৰ চেন্ট’ডিয়েচি ইয়াৰ আগৰ সংস্কৰণ চিৰ’নত ভিত্তি কৰিয়ে নিৰ্মাণ কৰা হৈছে।আঠ লিটাৰৰ ডব্লিউ-১৬ ইঞ্জিনযুক্ত আৰু ১৬ শ ‘হৰ্ছপাৱাৰ’ৰ বুগাট্টিৰ এই নৱতম সংস্কৰণৰ গাড়ীখনে মাত্ৰ ২.৪ ছেকেণ্ডতে প্ৰতিঘন্টাত শূন্যৰ পৰা এশ কিলোমিটাৰৰ গতিবেগ ল’ব পাৰে ।

অতি বিলাসী আৰু অত্যাধুনিক হোৱাৰ বাবে ‘হাইপাৰকাৰ’ ৰ তালিকাভুক্ত হোৱা বুগাট্টি চেন্ট’ডিয়েচিৰ মূল্য ৮.৫ ইউৰ’ ,ভাৰতীয় মূল্যত হ’ব প্ৰায় ৬৪ কোটি টকা ।বুগাট্টি কোম্পানীৰ গাড়ীৰ প্ৰতি ৰোণাল্ডোৰ আসক্তি অৱশ্যে নতুন কথা নহয় ।তেওঁ ইতিমধ্যেই উক্ত কোম্পানীৰ গাড়ী চিৰ’ন ,ভেইৰ’ন আৰু লা ভইচাৰ নইৰে ক্ৰয় কৰিছিল।

Exit mobile version