মহানগৰীৰ জালুকবাৰী, খানামুখত কভিড পৰীক্ষা: ৬ লোক কৰ’নাত আক্ৰান্ত

2014d147 9801 40a7 8a17 75b3fa0dfa0d

গুৱাহাটী মহানগৰীত মাৰাত্মক ক’ভিড১৯ ৰ ভয়াৱহ সামাজিক সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে মহানগৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আৰু কৰ্মচাৰীসকলৰ স্বাৱ পৰীক্ষা কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । আজি জালুকবাৰী ছোৱালী হাইস্কুলত থকা ক’ভিড পৰীক্ষা কেন্দ্ৰৰ এটা দল মহানগৰীৰ সমীপৱৰ্তী জালুকবাৰী, খানামুখ চেক গেটৰ এক নম্বৰ ৱাৰ্ডত ব্যৱসায়ী আৰু আন লোকৰ কভিড পৰীক্ষা কৰে।

পৰীক্ষা কেন্দ্ৰটোৰ এছ. ডব্লিউ নুৰ ইছলাম শইকীয়াৰ নেতৃত্বত অহা তিনিজনীয়া দলটোৱে আজি জালুকবাৰী, খানামুখত মুঠ ৫০ জন লোকৰ স্বাৱ পৰীক্ষা কৰে। ইয়াৰে জালুকবাৰীৰ এজন আৰু খানামুখ চেক গেটৰ এক নম্বৰ ৱাৰ্ডৰ ছগৰাকী লোকৰ ক’ভিড পজিটিভ আহে।

উল্লেখ্য যে, জালুকবাৰীৰ ক’ভিড পজিটিভ লোকজন এখন ফাৰ্মাচীত কৰ্মৰত। উক্ত লোকজনক জালুকবাৰী চৰকাৰী আয়ুৰ্বেদিক কলেজস্থিত ক’ভিড হস্পিতালত ভৰ্তি কৰোৱা হৈছে। লগতে খানামুখ চেকগেটৰ উক্ত পাঁচ আক্ৰান্তক খানাপাৰাস্থিত অস্থায়ী ক’ভিড হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, জালুকবাৰী ছোৱালী হাইস্কুলত থকা কভিড পৰীক্ষা কেন্দ্ৰটোত আজি মুঠ ২৩ জন লোকৰ স্বাৱ পৰীক্ষা কৰোৱা হয়। উক্ত পৰীক্ষাত মুঠ তিনিজন লোকৰ ক’ভিড পজিটিভ হয় বুলি পৰীক্ষাকেন্দ্ৰটোৰ এছ. ডব্লিউ শইকীয়াই জানিবলৈ দিয়ে।

Exit mobile version