ৰিজাল্ট পজিটিভ: জালুকবাৰীত কৰ’না আক্ৰান্তৰ পলায়নৰ অপচেষ্টা

6a8885f7 947d 4439 ba8d 67c68fa878d3

মহানগৰী গুৱাহাটীত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যৱসায়ীক প্ৰতিষ্ঠান, এপাৰ্টমেণ্ট আদিত ক’ভিড পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জালুকবাৰী ছোৱালী হাইস্কুলত থকা ক’ভিড পৰীক্ষা কেন্দ্ৰৰ এটা দল মহানগৰীৰ জালুকবাৰীৰ সমীপৱৰ্তী খানামুখ চেক গেটৰ এক নম্বৰ ৱাৰ্ডত ব্যৱসায়ী আৰু আন লোকৰ ক’ভিড পৰীক্ষাৰ বাবে উপস্থিত হয়।

খানামুখ চেক গেটত ভাৰতীয়া হিচাপে থকা প্ৰদীপ চৰকাৰ নামৰ লোকজনে ভাড়াঘৰৰ স্বত্বাধিকাৰীৰ হেঁচাত উক্ত স্থানত ক’ভিড পৰীক্ষা কৰায়। উক্ত পৰীক্ষাত তেওঁৰ ৰিজাল্ট পজিটিভ অহা বুলি শুনা মাত্ৰকে লোকজনে প্ৰথমে নিজৰ ভাৰতীয়া কোঠাত নিজকে বন্দী কৰি ৰাখে আৰু ঘৰৰ পিছফালেৰে পলায়নৰ অপচেষ্টা চলায়। অৱশ্যে ঘৰৰ চাৰিসীমাৰ উচ্চ পকী দেৱাল পাৰ হ’ব নোৱাৰি লোকজনে স্বাস্থ্যকর্মীৰ ওচৰত আত্মসমৰ্পন কৰে।

পিছত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ লোকজনক প্ৰথমে স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। স্বাস্থ্যকেন্দ্ৰত লোকজনক কৰ’না সন্দৰ্ভত সজাগতা প্ৰদান কৰাত তেওঁ কৰ’না হস্পিতালত যাবলৈ সন্মত হয়। উক্ত লোকজনক খানাপাৰাস্থিত কৰ’নাৰ অস্থায়ী হস্পিতাললৈ লৈ যোৱা হয়।

উল্লেখ্য যে, উক্ত লোকজন পেছাত এজন কাঠমিস্ত্ৰী।ভাড়াঘৰৰ স্বত্বাধিকাৰী মিতালী দাসে জনোৱা মতে, তেওঁলোকৰ ঘৰত ভাৰতীয়া হিচাপে থকা উক্ত লোকজনৰ লগতে আন চাৰিগৰাকী মহিলা-কিশোৰী জ্বৰ-কাঁহত আক্ৰান্ত হৈছে ৷ সেয়েহে স্বত্বাধিকাৰী দাসে নিজৰ পৰিয়ালৰ লগতে উক্ত ভাৰতীয়া পাঁচ গৰাকীৰো কভিড টেষ্ট কৰায়। উক্ত পাঁচ গৰাকী ভাৰতীয়াৰে ৰিজাল্ট পজিটিভ আহে।তেওঁলোক সকলোকে খানাপাৰাস্থিত কৰ’নাৰ অস্থায়ী হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

Exit mobile version