একেডৰা মাটিতে কল আৰু ধান খেতি কৰি কৃষি বিপ্লৱৰ সূচনা

WhatsApp Image 2020 08 05 at 10.42.10 AM

কৰ’না সৃষ্ট পৰিৱেশত ৰাজ্যৰ অধিকাংশ আদৰ্শ কৃষকে নিজ নিজ কৃষি ক্ষেত্ৰত আত্ম নিয়োগ কৰি বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেনে এগৰাকী আদৰ্শ কৃষক হ’ল ৰংজুলি কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত ধনুভাঙা-মাদাং গাঁৱৰ দেৱব্ৰত ৰাভা । গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ পৰিকল্পনাৰে দেৱব্ৰত ৰাভাই নতুন নতুন কৃষি পদ্ধতিৰে অধিক উৎপাদন কৰাৰ প্ৰচেষ্টা হাতত লৈ আহিছে ।

তেওঁৰ কৃষি পদ্ধতি দেখি অঞ্চলটোৰ যুৱ চাম কৃষিৰ প্ৰতি আগ্ৰহী হৈছে ।লগতে কৃষি কৰ্মৰ ক্ষেত্ৰতো আগবাঢ়ি আহিছে উদীয়মান যুৱক সকল । এইবেলি দেৱব্ৰত ৰাভাই এক ব্যতিক্ৰমী কৃষি পদ্ধতিৰে শালি ধানৰ খেতি কৰিবলৈ লৈছে । তেওঁ কল গছৰ শাৰীৰ মাজে মাজে শালি ধানৰ খেতি কৰিছে । একেডৰা মাটিত একে সময়তে দুগুণ উৎপাদনৰ উদ্দেশ্যে তেওঁ প্ৰথম বাৰৰ এই পদ্ধতিৰে খেতি আৰম্ভ কৰিছে ।

ছয় বিঘা মাটিত তেওঁ শাৰী শাৰী কৈ ৰূপন কৰিছে চেনি চম্পা, জাহাজী আৰু জি-নাইন কল । কল গছৰ শাৰীৰ মাজত বাইশ ফুটকৈ ব্যৱধান ৰাখি বংগ বন্ধু, আইজং আৰু ৰঞ্জিত ধান লগাইছে । তেওঁৰ এই কৃষি পদ্ধতিয়ে অঞ্চলটোৰ কৃষক সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । অকল কৃষক সকলকে নহয়; কৃষি বিভাগৰো দৃষ্টি আকৰ্ষণ কৰিছে এই কৃষি পদ্ধতিয়ে । ইতিমধ্যে তেওঁৰ খেতি ডৰাত কল আৰু ধানৰ গছ লহ-পহ কৈ বাঢ়ি আহিছে । তেওঁ আশাবাদী একে সময়তে কল আৰু ধান উৎপাদন কৰি দুগুণ উপাৰ্জন কৰিব পাৰিব ।

ইপিনে কল আৰু ধান লগোৱাৰ পূৰ্বে এই ডৰা মাটিতে মাকৈ খেতি কৰি তেওঁ চল্লিশ হাজাৰ টকা উপাৰ্জন কৰিছে । ধান চপোৱাৰ পাছত এই ডৰা মাটিতে আলু, কবি, বেঙেনাৰ খেতি কৰিব । দেৱব্ৰত ৰাভাৰ এই নতুন কৃষি পদ্ধতি দেখি তেওঁ শলাগ লৈছে দুধনৈ বিধায়ক দীপক ৰাভাই | খেতিডৰা দেখি অভিভূত হৈ পৰা বিধায়ক দীপক ৰাভাই কয়- দেৱব্ৰত ৰাভাৰ দৰে কৃষক নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস । তেওঁ দেৱব্ৰত ৰাভাক চৰকাৰৰ পৰা সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে ।

Exit mobile version