কৰ’নাৰ পিছত এইবাৰ আমেৰিকাৰ ৩৪ খন ৰাজ্যত নতুন ভাইৰাছৰ সন্ত্ৰাস

BB17wd4O

কৰ’না মহামাৰীৰ মাজতে এইবাৰ আমেৰিকাত দেখা গৈছে ৰঙা আৰু হালধীয়া পিয়াঁজৰ সন্ত্ৰাস ৷ কাৰণ ৰঙা আৰু হালধীয়া পিয়াঁজৰ পৰা হৈছে চেল্মোনেলা বেক্টেৰিয়াৰ সংক্ৰমণ ৷ আমেৰিকাত ইতিমধ্যে ৩৪ খন ৰাজ্যত ৪০০ তকৈ অধিক লোক আক্ৰান্ত হৈছে এই বেক্টেৰিয়াত ৷ এই কথা সদৰী কৰিছে আমেৰিকাৰ সকলোতকৈ বৃহৎ স্বাস্থ্য খণ্ড চেন্টাৰ্চ ফ’ৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেন্সন অৰ্থাৎ CDCয়ে ৷

ইপিনে চিডিচিয়ে থ’মশ্যন ইন্টাৰনেশ্যনেল নামৰ এটা কোম্পানীয়ে দিয়া পিয়াঁজক নাখাবলৈ আহ্বান কৰিছে আমেৰিকাৰ বাসিন্দাক । লগতে চিডিচিয়ে জাননী দিছে যে যদিহে এই কোম্পানীয়ে দিয়া পিয়াঁজ কোনোৱে ঘৰত ৰাখিছে তেন্তে অনতি পলমে পেলাই দিব লাগে । কানাডাটো চেল্মোনেলা বেক্টেৰিয়াত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

চিএনএনৰ এক বিশেষ প্ৰতিবেদন অনুসৰি এই বেক্টেৰিয়াত সংক্ৰমিত হৈ প্ৰায় ৬০ জন লোক চিকিৎসালয়ত চিকিৎসাধী হৈ আছে ৷ আনহাতে ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনৰ মতে আমেৰিকাৰ ৩৪ খন ৰাজ্যত সংক্ৰমণ হোৱা চেল্মোনেলা ৰঙা পিয়াঁজৰ দ্বাৰা হয় । চিডিচিৰ মতে এই সংক্ৰমণ হৈছে ১৯ জুনৰ পৰা ১১ জুলাইৰ ভিতৰত ৷

উল্লেখযোগ্য যে চেল্মোনেলা বেক্টেৰিয়াত আক্ৰান্ত হ’লেই সংক্ৰমিত ব্যক্তিৰ ডায়েৰিয়া, জ্বৰ আৰু পেটৰ বিষত ভূগিব ৷ ইয়াৰ লক্ষণ সংক্ৰমণৰ পিছত ৬ ঘন্টাৰ পৰা ৬ দিনলৈকে শৰীৰত নেদেখিবও পাৰে । লগতে এই বেক্টেৰিয়াত পাঁচ বছৰৰ পৰা ৬৫ বছৰৰ ব্যক্তি সংক্ৰমিত হোৱা দেখিবলৈ পোৱা গৈছে ৷

Exit mobile version