চিবিআইৰ হাতলৈ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত

pjimage 1586062883

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰৰ তদন্তত আহিছে নতুন মোৰ ৷ আজি কেন্দ্ৰীয় চৰকাৰে চিবিআইলৈ হস্তান্তৰ কৰে সুশান্তৰ আত্মহত্যাৰ তদন্ত ৷ বিহাৰ আৰু মুম্বাইৰ মাজত অভিনেতা জনৰ আত্মহত্যাক লৈ হোৱা শীতল যুদ্ধৰ মাজতে মংগলবাৰে বিহাৰ পুলিচে কেন্দ্ৰলৈ চি বি আইৰ তদন্ত বিচাৰি প্ৰস্তাৱ দিছিল ৷

আনহাতে অভিনেতা জনৰ আত্মহত্যাৰ তদন্ত চিবিআইৰ দ্বাৰা হ’ব বুলি জানি অনুৰাগীসকলে স্বস্তিৰ নিশ্বাস পেলাইছে । ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও এই সন্দৰ্ভত টুইটাৰ যোগে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ইপিনে কিছুদিন পূৰ্বে সুশান্তৰ পিতৃ কে কে সিঙে অভিযোগ দিছিল যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত অভিনেতাজনৰ জীৱন বিপদত পৰা বুলি মুম্বাইৰ পুলিচক জনাইছিল যদিও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল মুম্বাইৰ পুলিছে । আনহাতে সুশান্তৰ সমগ্ৰ বিষয়টোত মহাৰাষ্ট্ৰ পুলিছে মন্তব্য কৰে যে পাটনা আৰক্ষী ৰাজনীতিৰ মেৰপাকত পৰিছে । বিহাৰ পুলিচৰ সুশান্তৰ মৃত্যুৰ তদন্তত আইনী আৱশ্যকতা নাই ।

ইপিনে সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইয়ে কৰিব বুলি জানি প্ৰাক্তন গাৰ্লফ্ৰেণ্ড অংকিতা লোখণ্ডেই ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “অৱশেষত যিটো সময়ৰ অপেক্ষা কৰি আছিলো ৷ সম্প্ৰতি সেই সময়টো আহি উপস্থিত হৈছে।” অংকিতাৰ এই প’ষ্টটোত বহু চেলীব্ৰেটীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ইয়াৰ পূৰ্বে সুশান্তৰ পিতৃয়ে পাটনাস্থিত ৰাজীৱ নগৰত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল ৷ তেতিয়াও অংকিতাই “সত্যৰ জয়” বুলি এটি প’ষ্ট দিছিল । উল্লেখযোগ্য যে সুশান্তৰ পৰিয়ালৰ লগত সু-সম্পৰ্ক আছে অংকিতাৰ ৷ প্ৰায় ৬ বছৰ সুশান্ত আৰু অংকিতা একেলগে থকাৰ পিছত ব্ৰেকআপ হয় দুয়োগৰাকীৰ মাজত ৷

Exit mobile version